• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ পদক্ষেপৰ বিৰোধিতাত জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ ...

গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ পদক্ষেপৰ বিৰোধিতাত জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ ...

জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণৰ তীব্ৰ বিৰোধিতা, শুক্ৰবাৰে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল- সংগঠনৰ লগতে প্ৰায় সহস্ৰাধিক জনজাতীয় লোকে ৷

জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণৰ তীব্ৰ বিৰোধিতা, শুক্ৰবাৰে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল- সংগঠনৰ লগতে প্ৰায় সহস্ৰাধিক জনজাতীয় লোকে ৷

জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণৰ তীব্ৰ বিৰোধিতা, শুক্ৰবাৰে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল- সংগঠনৰ লগতে প্ৰায় সহস্ৰাধিক জনজাতীয় লোকে ৷

  • Share this:
গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আহিছে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় লোক তথা দল সংগঠন সমূহে । বিভিন্ন সময়ত আন্দোলন, প্ৰতিবাদ কৰি ইয়াৰ বিৰোধিতা কৰি আহিছে সকলোৱে । প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলন গঢ়ি হলেও ইয়াৰ বিৰোধিতা কৰি যাব বুলি চৰকাৰক বাৰে বাৰে সকিয়াই দি আহিছে সদৌ তিৱা ছাত্ৰ সন্থাই ।

ইয়াৰ পিছতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈয়ে ৰাজ্যৰ ৰাজধানী সম্প্ৰসাৰণ বিষয়টো ঘোষণা কৰে । ইয়াকে লৈ পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আছু, এজেৱাইচিপি, বীৰ লাচিত সেনা, সদৌ তিৱা মহিলা সন্থাকে আদি কৰি মুঠ ১৩ টাকৈ জাতীয় সংগঠন ৷ যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন সমূহৰ লগতে প্ৰায় সহস্ৰাধিক জনজাতীয় লোকে ৷

জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ কৰিলে জনজাতি থলুৱা লোকৰ মাটিবাৰীৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিয়াৰ লগতে ভূমিৰ অধিকাৰ নাইকিয়া হ'ব আৰু তিৱা জনগোষ্ঠীৰ যি সমস্যা সেয়া সমস্যা হৈয়ে থাকিব বুলি শংকিত হৈ পৰিছে মধ্য অসমৰ জনজাতীয় লোক সকলে । গতিকে গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ বিষয়টো কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

সংবিধানে প্ৰদান কৰা ষষ্ঠ অনুসূচীয়েহে তিৱা জনগোষ্ঠীক মান্যতা প্ৰদান কৰাৰ লগতে জাতিটোক সুৰক্ষিত কৰিব বুলি সংগঠন সমূহৰ কৰ্মকৰ্তা সকলে মত প্ৰকাশ কৰে । চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে সকলো জতীয় সংগঠনৰ সহযোগত গনতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আন আন সংগঠন সমূহে ৷

ইফালে এই সময়চোৱাত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷ লগতে বিভিন্ন স্থানত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

প্ৰচণ্ড গৰমকো নেওচি প্ৰায় আধাঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ ফলত পথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷ অৱশ্যে পৰৱৰ্তী সময়ত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিবাদৰ সামৰণি পৰে ৷
Published by:Kokil Sarma
First published: