মেট্ৰিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু ছেবা বৰ্ড। সকলো ফালৰ পৰাই সাজু একপ্ৰকাৰ। যদিহে কভিডে হেঙাৰ হৈ থিয় নিদিয়ে তেন্তে ১৫ মাৰ্চৰ পৰাই অনুষ্ঠিত কৰা হ'ব পৰীক্ষা।
মেট্ৰিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু ছেবা বৰ্ড। সকলো ফালৰ পৰাই সাজু একপ্ৰকাৰ। যদিহে কভিডে হেঙাৰ হৈ থিয় নিদিয়ে তেন্তে ১৫ মাৰ্চৰ পৰাই অনুষ্ঠিত কৰা হ'ব পৰীক্ষা।
Covid মহামাৰীৰ বাবে বিগত বৰ্ষত মেট্ৰিক পৰীক্ষা এক গভীৰ চিন্তা হিচাপে সকলোৰে সমুখত থিয় দিছিল। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সবাতোকৈ মুখ্য পৰীক্ষাটোৱেই অনুষ্ঠিত কৰিব পৰা সুবিধা নথকাত বহু ছাত্ৰ-ছাত্ৰী মানসিক ভাৱেও ভাগি পৰিছিল।
সেয়ে এইবাৰ পূৰ্বতেই সকলো সাজু কৰি ৰাখিছে ছেবাই। আজি ছেবাৰ অধ্যক্ষৰ সৈতে আছুৰ এক আলোচনাৰ অন্তত সকলো সদৰী কৰে। আছু নেতা শংকৰ জ্যোতি বৰুৱাই সংবাদমাধ্যৰ আগত প্ৰকাশ কৰে সকলো তথ্য।
মেট্ৰিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু ছেবা বৰ্ড। সকলো ফালৰ পৰাই সাজু একপ্ৰকাৰ। যদিহে কভিডে হেঙাৰ হৈ থিয় নিদিয়ে তেন্তে ১৫ মাৰ্চৰ পৰাই অনুষ্ঠিত কৰা হ'ব পৰীক্ষা।
এইবাৰ পৰীক্ষাকক্ষত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪ লাখ ৩২ হাজাৰ ৮৮৪ গৰাকী । ইয়াৰে ভিতৰত ৪,২১,৫৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী সাধাৰণ আৰু ১১,৩০৬গৰাকী ছাত্ৰ-ছাত্ৰী হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হব। লগতে ইয়াকো জানিবলৈ দিয়ে যে, এইবাৰ কভিডৰ বাবে পূৰ্বতকৈ ২৫ টা নতুন পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি। পূৰ্বতে পৰীক্ষা কেন্দ্ৰ আছিল ৮৭৮ টা, এইবাৰ ২৫ টা বৃদ্ধিৰে মুঠ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে ৯০৩ টা। তাৰোপৰি পৰীক্ষাৰ মাজতেই যদি কোনো ছাত্ৰ-ছাত্ৰী ক'ভিডত আক্ৰান্ত হয় তেন্তে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবেও অন্য কোঠাত বহি পৰীক্ষা দিবৰ বাবে সুবিধা কৰি দিব পৰীক্ষা কেন্দ্ৰ সমূহে।
এই সকলোবোৰৰ উপৰিও ছেবাৰ সাধাৰণ সম্পাদকে ইয়াকো কয় যে, যিহেতু অধিকাংশ সময় ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ পৰা আঁতৰত থাকিয়েই শিক্ষাগ্ৰহণ কৰিছে সেয়ে এইবাৰ পাঠ্যক্ৰমো হ্ৰাস কৰা হৈছে।
মুঠ পাঠ্যক্ৰমৰ ৬০ শতাংশৰেহে ১০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হব। ইতিমধ্যে বিদ্যালয়ে বিদ্যালয়ে এই বিষয়ে জনোৱা হৈছে। আনহাতে যদিহে এইবাৰো ক'ভিডে বাধা দিয়ে তেন্তে তাৰ ওপৰতো কোনো চিন্তাৰ কাৰণ নাই । তাৰবাবেও বিকল্প ব্যৱস্থা কৰিছে ছেবাই। পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে ছয় মাহিলীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মেট্ৰিকৰ নম্বৰ দিয়া হব।
এইবাৰ দুটাকৈ ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিছিল বিদ্যালয় সমূহে। সেই দুয়োটা পৰীক্ষাৰ নম্বৰ ছেবাৰ ওচৰত মজুত আছে। গতিকে তাৰ জৰিয়তেও নম্বৰ দিয়াৰ ব্যৱস্থা কৰিব ছেবাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|