Assam Civilian Award 2022 : অসম বৈভৱৰ উপৰি আজি ৫ গৰাকী লোকক দ্বিতীয় অসামৰিক সন্মান অসম সৌৰভ বঁটা আৰু ১৩ গৰাকীক তৃতীয় অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হ'ব।
Assam Civilian Award 2022 : অসম বৈভৱৰ উপৰি আজি ৫ গৰাকী লোকক দ্বিতীয় অসামৰিক সন্মান অসম সৌৰভ বঁটা আৰু ১৩ গৰাকীক তৃতীয় অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হ'ব।
অসমৰ নতুনকৈ ঘোষিত সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰৰ আৰু বিভিন্ন স্তৰৰ কেইবাগৰাকীও বিশিষ্ট লোকক যিসকলৰ কাম-কাজে আমাৰ জীৱনকো ধন্য কৰিব পাৰিছে, তেওঁলোকক এই বঁটাসমূহ প্ৰদান কৰা হ'ব।
উল্লেখ্য যে ৰাজ্যৰ প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মান প্ৰথমটো অসম বৈভৱ বঁটা দেশৰ বিশিষ্ট উদ্যোগপতি তথা খ্যাতিমান সমাজসেৱক ৰতন টাটালৈ আগবঢ়োৱা হৈছে যদিও তেওঁ আজি বঁটা গ্ৰহণ কৰিবলৈ আহিব নোৱাৰে। স্বাস্থ্যজনিত কাৰণতে আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে বুলি মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি জনাইছে ৰতন টাটাই। লগতে এই বঁটাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপনো কৰিছে।
অসম বৈভৱৰ উপৰি আজি ৫ গৰাকী লোকক দ্বিতীয় অসামৰিক সন্মান অসম সৌৰভ বঁটা আৰু ১৩ গৰাকীক তৃতীয় অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হ'ব।
অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব অধ্যাপক কমলেন্দু নাথ ক্ৰোৰী, বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা, অলিম্পিক পদক জয়ী প্ৰথম অসমীয়া লাভলীনা বৰগৰগোহাঁই, দীপক চান্দ জৈন আৰু আডাঃ লক্ষ্মণন এছলৈ। এই বঁটাত থআকিব নগদ ৪ ৱাখ টকা আৰু মান পত্ৰ।
একেদৰে অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব মুনিন্দ্ৰ নাথ ঙাটে, ডাঃ বসন্ত হাজৰিকা, আকাশ জ্যোতি গগৈ, পিগমেনৰূপে খ্যাত মনোজ কুমাৰ বসুমতাৰী, খৰছিং তেৰাং, ববী হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বাৰ্মিতা মমিন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো আৰু ডাঃ আছিফ ইকবাললৈ। এি বঁটা নগদ ৩ লাখ টকাৰ লগতে থাকিব মান পত্ৰও।
আজি কলাক্ষোত্ৰত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এই সৰ্বোচ্চ অসমাৰিক সন্মানসমূহ প্ৰদান কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|