ধৃত উজান বজাৰৰ মনদীপ দাস, হাউলীৰ ধ্ৰুৱ জ্যোতি দাস, খানাপাৰাৰ দেৱজিৎ ভট্টাচাৰ্য, হোজাইৰ ক্ৰমে দ্বীপ ৰয়, প্ৰেমজিত সিংহ, সঞ্জীত সিংহ আৰু কমল শৰ্মা। ধৃত উজান বজাৰৰ মনদীপ দাস, হাউলীৰ ধ্ৰুৱ জ্যোতি দাস, খানাপাৰাৰ দেৱজিৎ ভট্টাচাৰ্য, হোজাইৰ ক্ৰমে দ্বীপ ৰয়, প্ৰেমজিত সিংহ, সঞ্জীত সিংহ আৰু কমল শৰ্মা। মহানগৰ আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে সাতটা গাড়ী চোৰক। মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে গীতানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে এই সাতজনীয়া বৃহৎ গাড়ী চুৰি দলটোক।
আৰক্ষীৰ জালত পৰা গাড়ী চোৰ কেইটা হ’ল উজান বজাৰৰ মনদীপ দাস, হাউলীৰ ধ্ৰুৱ জ্যোতি দাস, খানাপাৰাৰ দেৱজিৎ ভট্টাচাৰ্য, হোজাইৰ ক্ৰমে দ্বীপ ৰয়, প্ৰেমজিত সিংহ, সঞ্জীত সিংহ আৰু কমল শৰ্মা।
আৰক্ষীয়ে জনোৱা মতে এই দলটো আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্রৰ লগত জড়িত থকাৰ অৱকাশ আছে। পূৰ্বে ৰাজ্যৰ বিভিন্ন থানাত গাড়ী চুৰিৰ গোচৰত অভিযুক্ত হৈ আছে এই চক্ৰটো।
আজি পুনৰ আৰক্ষীয়ে গীতানগৰ থানাত ১৫৬/২১ নম্বৰ ত ১২০(B)/৪২০/৪০৬ IPC ৰ অধীনত গোচৰ ৰুজু কৰি সোধাপোছা অব্যাহত ৰাখিছে। মহানগৰীৰ পৰা এখন বিলাসী গাড়ী চুৰি হোৱাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটোক গ্ৰেপ্তাৰ কৰে।
Published by: Manjumoni Borah
First published: May 17, 2021, 17:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|