Durga Puja 2021: বিজয়া দশমীৰ দিনা পুৱাৰে পৰা মহানগৰীৰ পূজা মণ্ডপসমূহে প্ৰতিমা বিসৰ্জন আৰম্ভ কৰিছে। ষষ্ঠীত আদৰি আনি বিজয়া দশমীৰ দিনাই ভক্তগণে বিদায় দিছে দেৱী দুৰ্গাক।
Durga Puja 2021: বিজয়া দশমীৰ দিনা পুৱাৰে পৰা মহানগৰীৰ পূজা মণ্ডপসমূহে প্ৰতিমা বিসৰ্জন আৰম্ভ কৰিছে। ষষ্ঠীত আদৰি আনি বিজয়া দশমীৰ দিনাই ভক্তগণে বিদায় দিছে দেৱী দুৰ্গাক।
বিজয়া দশমীৰ দিনা পুৱাৰে পৰা মহানগৰীৰ পূজা মণ্ডপসমূহে প্ৰতিমা বিসৰ্জন আৰম্ভ কৰিছে। ষষ্ঠীত আদৰি আনি বিজয়া দশমীৰ দিনাই ভক্তগণে বিদায় দিছে দেৱী দুৰ্গাক।
আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিয়ে মা দুৰ্গাক। উল্লেখযোগ্য যে ষষ্ঠীৰ পৰা মহা নৱমীলৈ দেৱীৰ আশীষ ল'বলৈ ভক্তসকলে ভিৰ কৰে পূজাস্থলীত। বিগত বর্ষ সমুহৰ দৰে এইবোৰ মহানগৰীত প্ৰায় ৪০০ খন পূজা অনুষ্ঠিত হয়। প্ৰতিমা বিসৰ্জনত যাতে অসুবিধা নহয় তাৰবাবে মহানগৰীৰ কাছমাৰী ঘাট, পান্ডু, চুনচালি, চন্দ্ৰপুৰ আৰু সাওকুছিত ব্যৱস্থা কৰি দিয়ে কামৰূপ মেট্ৰো প্ৰশাসনে। এইপৰ্য্যন্ত কাছমাৰী ঘাটত প্ৰায় ২০ খন পূজা মন্ডপে বিসৰ্জন কৰিলে তেওলোকৰ প্ৰতিমা সমুহ। অন্যান্য ঘাট সমুহৰ লগতে মহানগৰীৰ কাছমাৰী ঘাটত সকলো ধৰনৰ ব্যৱস্থা কৰিছে কামৰূপ মেট্ৰো জিলা প্ৰশাসনে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|