• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ, নলা নদৰ্মা নিষ্কাষণত ব্যস্ত গুৱাহাটী পৌৰ নিগম !

মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ, নলা নদৰ্মা নিষ্কাষণত ব্যস্ত গুৱাহাটী পৌৰ নিগম !

ৰাজ্য চৰকাৰৰ নিৰ্দেশত  মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটী পৌৰ নিগমে চলাইছে নলা নদৰ্মা নিষ্কাষনৰ কাম।১৪ এপ্ৰিলৰ পূৰ্বে গুৱাহাটীৰ জলমগ্ন হোৱা অঞ্চল সমূহৰ নলা-নৰ্দমা আৰু বাহিনী নৈ নিস্কাশনৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে গুৱাহাটী পৌৰ নিগমে।

  • Share this:
বাৰিষা সমাগত। বাৰিষাৰ পূৰ্বে গুৱাহাটীক বানমুক্ত কৰাৰ চেষ্টা চৰকাৰৰ।ইতিমধ্যে  ৰাজ্য চৰকাৰৰ নিৰ্দেশত  মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটী পৌৰ নিগমে চলাইছে নলা নদৰ্মা নিষ্কাষণৰ কাম।১৪ এপ্ৰিলৰ পূৰ্বে গুৱাহাটীৰ জলমগ্ন হোৱা অঞ্চল সমূহৰ নলা-নৰ্দমা আৰু বাহিনী নৈ নিস্কাশনৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে গুৱাহাটী পৌৰ নিগমে।

উল্লেখযোগ্য যে, যোৱা ২১ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ  ছয়টাকৈ জ'নত নলা-নদৰ্মা আৰু বাহিনী নৈ পৰিস্কাৰৰ কাম আৰম্ভ কৰিছে জি এম চিয়ে।দৈনিক ১০ খন জে চি বি আৰু ৪০ খন ডাম্পাৰেৰে চলিছে নলা-নৰ্দমা নিষ্কাষণৰ কাম।এই নিষ্কাষণৰ ফলত গুৱাহাটীৰ জলমগ্ন হোৱা অঞ্চল সমূহৰ পৰা কৃত্ৰিম বান  অতি কম সময়ৰ ভিতৰত নাইকিয়া হব বুলি আশা প্ৰকাশ কৰিছে গুৱাহাটী পৌৰ নিগমে। মন কৰিবলগীয়া যে, অনিল নগৰ,নবীন নগৰৰ দৰে স্থানত পানী নাইকিয়া হবলৈ সময় লাগিছিল দুইৰ পৰা তিনিদিন সময়।কিন্তু সঠিক ৰূপত নলা-নৰ্দমা নিস্কাশন হলে এইবাৰ কমিব কৃত্ৰিম বানৰ প্ৰকোপ।ইফালে,নলা নদৰ্মা পৰিস্কাৰ কৰি থকাৰ সময়তে নিজে নিজৰ বিপদ মাতিছে মহানগৰীবাসীয়ে।পৌৰ নিগমে চাফা কৰি যোৱা নলাতে একাংশ লোকে পেলাইছে আৱৰ্জনা।ফলত বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমা সমুহ পুনৰ জাৱৰৰ দমৰ বাবে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। বিশেষকৈ বিজি গুদাম, নাৰেংগী, নুনমাটি, সাতগাঁও আদি অঞ্চলত একাংশ লোকে নিজেই নিজৰ বাবে মাতিছে বিপদ।বাৰিষাৰ পূৰ্বে যদি ৰাইজ সজাগ নহয় তেন্তে  গুৱাহাটীৰ একাংশ অঞ্চললৈ নামি আহিব পাৰে বিপদ।সেয়ে,নলা-নৰ্দমা,বাহিনী নৈ নিস্কাশন কৰা অঞ্চল সমুহত জাৱৰ-জোথৰ নেপেলাবলৈ অনুৰোধ জনাইছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই।
Published by:Kokil Sarma
First published: