ক'ভিড (Covid19)সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশবাসী সাজু হৈ উঠিছে ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ৷ খানাপাৰাতো ক'ভিড প্ৰ'ট'কলৰ মাজত কিছু ব্যতিক্ৰম ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস (Independence Day 2021) পালনৰ বাবে সাজু হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন।
খানাপাৰাত পূৰ্বৰ দৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিলেও এইবাৰ পূৰ্বৰ দৰে নাথাকিব কোনো উৎসাহ উদ্দীপনা ৷ কাৰণ খানাপাৰা খেলপথাৰত ৫০% লোকৰ উপস্থিতিহে পালন কৰা হ'ব স্বাধীনতা দিৱস ৷ পেৰেডত নাথাকিব স্কুলীয়া ছাত্ৰ-ছাত্ৰী, নহ'ব সাংস্কৃতিক অনুষ্ঠান৷
পূৰ্বৰ দৰে এইবাৰ খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ দিনটোত মুক্তিযুজাৰু সকলক জনোৱা নহ'ব সম্বৰ্ধনা ৷ তাৰ পৰিৱৰ্তে প্ৰশাসনৰ লোকে ঘৰে ঘৰে গৈ মুক্তি যুজাৰুসকলক জনাব সম্বৰ্ধনা ৷
ইপিনে নিৰাপত্তা দিশটোত বিশেষ গুৰুত্ব অসম আৰক্ষীৰ ৷ ৪খন গেটেৰে খেলপথাৰত প্ৰৱেশৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ ৫০টাকৈ চিচিটিভি কেমেৰা সংলগ্ন কৰা হৈছে খেলপথাৰখনত ৷