• Home
  • »
  • News
  • »
  • assam
  • »
  • Department of School Education: প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ একত্রীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, নতুনকৈ হ'ব স্কুল শিক্ষ বিভাগ

Department of School Education: প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ একত্রীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, নতুনকৈ হ'ব স্কুল শিক্ষ বিভাগ

Department of School Education: এই নিৰ্দেশনাত উল্লেখ কৰা মতে প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো সঞ্চালকালয় স্কুল শিক্ষা বিভাগৰ অধীনলৈ অনা হ’ব। 

  • Share this:
অসমত প্রাথমিক (Elementary Education department) আৰু মাধ্যমিক শিক্ষা বিভাগ (Secondary Education department)ক একত্রীকৰণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে চৰকাৰে। দুয়োটা বিভাগ একত্ৰীকৰণ কৰি নতুনকৈ নামকৰণ কৰা হৈছে স্কুল শিক্ষা বিভাগ (Department of School Education)ৰূপে। এতিয়াৰে পৰা প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ সকলো কাম একত্রীকৃত নতুন বিভাগ স্কুল শিক্ষা বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনলৈ অনা হ'ব।

প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী স্কুল শিক্ষা বিভাগৰ অধীনলৈ অনা হ'ব। এতিয়াৰে পৰা বিভাগীয় সকলো যোগাযোগ স্কুল শিক্ষা বিভাগৰ নামত কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

এই নিৰ্দেশনাত উল্লেখ কৰা মতে প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো সঞ্চালকালয় স্কুল শিক্ষা বিভাগৰ অধীনলৈ অনা হ’ব। তাৎক্ষণিকভাৱে বলৱৎ হ’ব দুয়োটা বিভাগৰ একত্ৰীকৰণৰ এই নিৰ্দেশ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি