• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়, আজি ৮৩খন 108 বাহন মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়, আজি ৮৩খন 108 বাহন মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

File Photo

File Photo

ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৮ চনৰ ৬ নৱেম্বৰত 108 সেৱা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছে।

  • Share this:
ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়। আজি জনতা ভৱনত প্ৰথম পৰ্যায়ত মুকলি ৮৩খন 108 বাহন। ৪ কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হৈছে ১৫০খন বাহন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই বাহনসমূহ। ইয়াৰ পূৰ্বৰে পৰা অসমত মুঠ ৭৭৯খন 108 বাহন আছে।

ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৮ চনৰ ৬ নৱেম্বৰত 108 সেৱা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছে। এতিয়া ৰাজ্যত ৮০০খন 108 সেৱা বাহন আছে। ৩ কোটি ৯১ লাখে লোকে ফোন কৰিছে মৃত্যুঞ্জয় সেৱালৈ। ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰিছে। ২ লাখ মানুহ মৃত্যুৰ পৰা 108 সেৱাৰ জৰিয়তে ৰক্ষা পৰিছে। প্ৰত্যেক এবছৰৰ মূৰে মূৰে এশ খন বাহন সলনি কৰি থকা হৈছে। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াইছিল যদিও এতিয়া স্ব–অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে বাহনসমূহ ৰিপ্লেছমেণ্ট কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, ১৫ বছৰৰ মূৰে মূৰে বাহনসমূহ স্ক্ৰেপলৈ প্ৰেৰণ কৰিব লাগে, কিন্তু এম্বুলেঞ্চসমূহ ১৫ বছৰ কেতিয়াও নাযায়। সেয়ে অতি কম সময়ৰ ভিতৰত অকচনত প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ ঘোষণা – কোনোবাই যদি স্ক্ৰেপত যাবলগীয়া বাহন NGOই বিচাৰে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। চৰ্ত হ’ব মাথোঁ স্বাস্থ্য খণ্ডত ব্যৱহাৰ হ’ব লাগিব বাহনসমূহ।

অসমত স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান। অহা বছৰ কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ এখন আৰম্ভ। পূজাৰ পূৰ্বে ৫খন মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য লোৱা হৈছে।
Published by:Sanjay Kumar Das
First published: