உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Corona Vaccination in Assam : অসমত ২ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদান, কোৰোণাৰ বিৰুদ্ধে যুঁজত বৃহৎ সাফল্য

    Corona Vaccination in Assam : অসমত ২ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদান, কোৰোণাৰ বিৰুদ্ধে যুঁজত বৃহৎ সাফল্য

    Corona Vaccination in Assam : ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক'ভিড প্ৰতিষেধক প্ৰদান। অসমত এতিয়ালৈ ২ কোটিৰ অধইক লোকক প্ৰতিষেধক প্ৰদান।

    Corona Vaccination in Assam : ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক'ভিড প্ৰতিষেধক প্ৰদান। অসমত এতিয়ালৈ ২ কোটিৰ অধইক লোকক প্ৰতিষেধক প্ৰদান।

    Corona Vaccination in Assam : ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক'ভিড প্ৰতিষেধক প্ৰদান। অসমত এতিয়ালৈ ২ কোটিৰ অধইক লোকক প্ৰতিষেধক প্ৰদান।

    • Share this:
    ক'ভিড প্ৰতিষেধক (Corona Vaccine)ৰে ৰাজ্যবাসীক ক'ভিড সুৰক্ষা কৱচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে আজি এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যবাসীৰ মাজত ২ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি অতিক্ৰম কৰে ৰাজ্যত চলি থকা ক'ভিড প্ৰতিষেধক অভিযানে।

    ক'ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত আজি সন্ধিয়ালৈ মুঠ ২ কোটি ২,৬৫৯ (২,০০,০২,৬৫৯) পালি ক'ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ভাৰত চৰকাৰৰ ক'উইন এপ (cowin.gov.in)ত শনিবাৰে সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি এতিয়ালৈ অসমত ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি (First Dose) আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকক দ্বিতীয় পালি (Second Dose) ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

    উল্লেখ্য যে, দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পাছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ। আনহাতে, যোৱা ২৮ জুলাইৰ পৰা আজিলৈকে মাথো ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক'ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰে মুঠ ২ কোটি পালি প্ৰতিষেধকৰ সীমাও অতিক্রম কৰিলে বিভাগটোৱে। এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এএনএম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ধন্যবাদ জনাইছে।

    স্বাস্থ্যমন্ত্ৰী মহন্তই আজি এক বাৰ্তাত উল্লেখ কৰে, 'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ দিক্-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ক'ভিড মহামাৰী (Covid19)ৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা ক'ভিড প্ৰতিষেধক অভিযানে আজি আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৰাজ্যবাসীৰ মাজত ক'ভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জিলাসমূহত এই ক'ভিড প্ৰতিষেধক অভিযান সুনিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈও ধন্যবাদ জনাইছোঁ।'

    ইফালে, অহা ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত দৈনিক গড়ে ৪ লাখ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লগতে কেইবাখনো জিলাত ভ্ৰাম্যমান ক'ভিড প্ৰতিষেধক (Mobile Covid19 Vaccine Unit) প্ৰদান ভানৰ জৰিয়তে চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক প্ৰতিষেধক দিয়াৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে অক্টোবৰৰ ১৫ তাৰিখৰ ভিতৰত প্ৰথম পালি ক'ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে।
    Published by:Manjumoni Borah
    First published: