உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Hungry Willows: খাদ্যৰসিক আৰু ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ভিন্ন সোৱাদ ! মহানগৰীৰ এখন ৰেষ্টুৰেণ্টত জিলিকি উঠিছে ৮৩-১১ৰ বিশ্বকাপ জয়ৰ স্মৃতি...

    Hungry Willows: খাদ্যৰসিক আৰু ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ভিন্ন সোৱাদ ! মহানগৰীৰ এখন ৰেষ্টুৰেণ্টত জিলিকি উঠিছে ৮৩-১১ৰ বিশ্বকাপ জয়ৰ স্মৃতি...

    Hungry Willows: অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাত নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ ৰেষ্টুৰেন্ট, নাম হাংৰি উইলোছ।অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি উলিওৱা এই ৰেষ্টুৰেন্টখনত উজলি আছে বিশ্বকাপ ক্ৰিকেট খেলা প্ৰতিটো দলৰ জাৰ্ছি।

    • Share this:
    অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাত নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ ৰেষ্টুৰেন্ট, নাম হাংৰি উইলোছ।অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি উলিওৱা এই ৰেষ্টুৰেন্টখনত উজলি আছে বিশ্বকাপ ক্ৰিকেট খেলা প্ৰতিটো দলৰ জাৰ্ছি।তদুপৰি দেৱালত জিলিকি আছে অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ -বিষয়ববীয়া সকলৰ ছবি।আছে ক্ৰিকেট খেলত ব্যৱহৃত সকলো সা-সামগ্ৰী।এতিয়াৰে পৰা খেলুৱৈ সকলৰ সমান্তৰাল ভাৱে আপুনিও খাব পাৰিব ভিন্ন ধৰনৰ সু-স্বাদ্যু খাদ্য।তদুপৰি খেলুৱৈসকল বহিব পৰা প্ৰতিখন টেবুলত আছে বেট-বল,গ্লবছ,পেড। অৰ্থাৎ সম্পূৰ্ণ ক্ৰিকেট ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ৰেষ্টুৰেন্টখন।

    হাংৰি উইলোছ নামৰ এই ৰেষ্টুৰেন্টখনত সজীৱ কৰি ৰখা হৈছে ভাৰতীয় দলে বিশ্বকাপ জয় কৰা ১৯৮৩ চন আৰু ২০১১ চনৰ বিজয়ী দলৰ খেলুৱৈসকলৰ ৰোমাঞ্চকৰ বহু মুহূৰ্ত।মুঠতে বৰ্ষাপাৰাত মিনি ক্ৰিকেট ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মাণ কৰা এইখন বিশেষ ৰেষ্টুৰেন্টে আকৰ্ষণ কৰিব দেশ বিদেশৰ খেলুৱৈ সকলক।উল্লেখযোগ্য যে,ক'ভিডৰ বাবে ৪ বজাত বন্ধ কৰা এই ৰেষ্টুৰেন্টেখন পৰিৱেশ ভাল হলে পুৱা ৮বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই।
    Published by:Kokil Sarma
    First published: