তিনিওখন কৃষি আইন আজি প্ৰত্যাহাৰৰ (Farm Laws Repealed) ঘোষণাৰ পিছতে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছে (Assam Congress)। এই সিদ্ধান্তক ভাৰতবৰ্ষৰ কৃষকৰ জয় আখ্যা দিয়াৰ লগতে এইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)ৰ অহংকাৰৰ অধঃপতন বুলিও কঠোৰ ভাষাৰে আক্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Borah)ই।
ভূপেন বৰাই কয়, "দেশৰ কৃষকৰ ভবিষ্যত ধংসৰ বাবে প্ৰধানমন্ত্ৰী য়ে জাপি দিব বিচাৰিছিল মাৰাত্মক তিনিখন ক'লা আইন। আজি ভাৰতবৰ্ষৰ কৃষকৰ জয় হৈছে আৰু নৰেন্দ্ৰ মোদীৰ অহংকাৰৰ অধঃপতন হৈছে।"
তেওঁ আৰু কয়, "মোদীয়ে বণিক গোষ্ঠীৰ স্বাৰ্থত কাম কৰে। এই কৃষি আইনৰ বাবে ৭০০ কৃষকৰ মৃত্যু হ'ল, কৃষকৰ ওপৰেৰে মন্ত্ৰী পুত্ৰই গাড়ী চলাই নিলে। এতিয়া উত্তৰ প্ৰদেশ, পাঞ্জাৱৰ নিৰ্বাচনত পতনৰ আগতীয়া উমান পাই বাতিল কৰিলে তিনিওখন আইন।" কৃষি আইন বাতিলৰ এই সিদ্ধান্তক কেৱল নিৰ্বাচনৰ স্বাৰ্থত কৰা ৰাজনৈতিক ভণ্ডামী বুলি কয় ভূপেন বৰাই।
একে সময়তে "CAA" বাতিল কৰাৰো দাবী উত্থাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। তেওঁ লগতে এইটোও কয় যে কংগ্ৰেছৰ চৰকাৰ হ'লে প্ৰথমখন কেবিনেটত 'CAA' বাতিল কৰিব। ৰাহুল গান্ধীয়েও গুৱাহাটীলৈ আহি তেনে প্ৰতিশ্ৰুতি দিছে বুলি কয় ভূপেন বৰাই।
ইপিনে বিৰোধী দলপতি দেবব্ৰত শইকীয়া (Debabrata Saikia)ই কয় যে অৱশেষত দেশৰ অন্নদাতা কৃষকৰ আগত হাৰ মানি মোদী চৰকাৰে কৃষক বিৰোধী ৩খন আইন আজি বাতিল কৰিবলৈ বাধ্য হ'ল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|