শিৱসাগৰৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi)য়ে চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে।
শিৱসাগৰৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi)য়ে চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে।
অসম বিধান সভাৰ বাজেট অধিবেশন (Assam Assembly Budget Session 2021)ৰ আজি প্ৰথম দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিবেশন। অধিবেশনত প্ৰথমবাৰৰ বাবে অংশ লৈছে কেইবাগৰাকীও বিধায়কে। এই নতুন বিধায়কসকলৰ অন্যতম হ'ল শৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ (MLA Akhil Gogoi)।
আজি বিধানসভাত প্ৰথমটো প্ৰশ্ন কৰে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। কিন্তু মাজতে চেঙাৰ লগত সাঙুৰি শিৱসাগৰৰ প্ৰসংগ উত্থআপন কৰিবলৈ লওতেই অধ্যক্ষই হস্তক্ষেপ কৰে। ইয়াকে লৈ অখিল গগৈক অসন্তুষ্ট হোৱাও দেখা যায়। অধ্যক্ষ আৰু অধিল গগৈৰ মাজত এই পৰিবেশ সময়তে নিজৰ আসনতে হাঁহি থকা দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma)।
পাছত অধ্যক্ষই কেৱল চেঙা সমষ্টিৰ প্ৰশ্নৰ প্ৰসংগতহে অখিলক প্ৰশ্ন কৰাৰ অনুমতি দিয়ে।আচলতে আজি অখিল গগৈৰ নাছিল মৌখিক প্ৰশ্ন। চেঙা (Chenga)ৰ বিধায়ক আশ্ৰাফুল হুছেইন (MLA Ashraful Hussain)ৰ প্ৰশ্নৰ পৰিপূৰক প্ৰশ্নহে কৰিছিল বিধায়ক অখিল গগৈয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|