হাত এৰি পদুম লৈ দিছপুৰত ৰূপজ্যোতি কুৰ্মী ৷ হাত এৰি পদুম লৈ দিছপুৰলৈ সুশান্ত বৰগোহাঁই ৷ তলাচাবি এৰি পদুমত ধৰি আহিল ফণী তালুকদাৰ ৷ একেদৰে নতুনকৈ ট্ৰেক্টৰত উঠি দিছপুৰলৈ আহিল জীৰন বসুমতাৰী আৰু জিতেন দৈমাৰী ৷ l
৩০ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত বিৰোধী কংগ্ৰেছ, AIUDF, ৰাইজৰ দলৰ প্ৰাৰ্থীক বৃহৎ ভোটৰ ব্যৱধানত BJP আৰু UPPLৰ প্ৰাৰ্থীয়ে পৰাজিত কৰাৰ পিছত এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে- আকৌ অসমত হ'ব নেকি উপ নিৰ্বাচন? বিৰোধী শিবিৰ ত্যাগ কৰিব নেকি আৰু বিধায়কে?
এই প্ৰশ্ন অৱতাৰণা হোৱাৰ সময়তে মংগলবাৰে আবেলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে এক ইংগিত ৷বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত হৈ থকাতো ভাল নহয় বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে- “দুই-তিনিটা সমষ্টিত ৰাইজে বিচাৰিছে উপ নিৰ্বাচন ৷ ৰাইজে বিচাৰিলেতো উপ নিৰ্বাচন হ'বই ৷”
পিছে কেতিয়া হ'ব আকৌ অসমত উপ নিৰ্বাচন? সাংবাদিকৰ প্ৰশ্নই উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে- “সময় আৰু সুবিধা অনুসৰি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই সন্দৰ্ভত মই এতিয়াই একো নকওঁ ৷”
মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি দ্বিতীয়টো উপ নিৰ্বাচন অসমত অনুষ্ঠিত হয়, তেন্তে বিৰোধী শিবিৰ এৰি কোনে কোনে যোগ দিব শাসকীয় পক্ষত? এই প্ৰশ্নৰ উত্তৰ এতিয়াই কোনেও দিব বিচৰা নাই ৷ কিন্তু চৰ্চা চলিছে নাজিৰা, তিতাবৰ আৰু বটদ্ৰৱা সমষ্টিৰ নাম ৷ নাজিৰাত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, তিতাবৰত আছে প্ৰয়াত তৰুণ গগৈৰ উত্তৰসুৰী ভাস্কৰ বৰুৱা আৰু বটদ্ৰৱাত আছে শিৱামণি বৰা ৷
এই তিনি কংগ্ৰেছী বিধায়কক টাৰ্গেট কৰি ল'ব পাৰে শাসকীয় BJPয়ে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে- “মোৰ টাৰ্গেট এইটো নহয় যে মই উজনিত কংগ্ৰেছ শূন্য কৰিম বা নামনিত AIUDF থাকিব বা বৰাকত কংগ্ৰেছ থাকিব ৷ মোৰ টাৰ্গেট হ'ল শদিয়াৰ পৰা ধুবুৰীলৈ BJP আৰু মিত্ৰজোঁটৰ বিজয়ধ্বজা উৰিব লাগিব ৷ মোৰ টাৰ্গেট কেতিয়াবা নহয় কেতিয়াবা ১২৬টা সমষ্টি ৷”