মুখ্যপৃষ্ঠা » খবৰ

» অসম

»"এইবাৰ আমি সময় কম পালো, তথাপিও মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰনৰ বাবে চেষ্টা চলাম" ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

"এইবাৰ আমি সময় কম পালো, তথাপিও মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰনৰ বাবে চেষ্টা চলাম" ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

News18 Assam | News18-Assam
Updated:June 5, 2021, 5:07 PM IST
গুৱাহাটী মহানগৰীৰ উন্নয়ন হ'ব। নতুন ৰূপত গঢ় দিব গুৱাহাটীক। উত্তৰ পূৱৰ দূৱাৰমূখ গুৱাহাটীৰ উন্নয়নৰ বাবে মাষ্টাৰপ্লেন সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে।

গুৱাহাটী মহানগৰীৰ উন্নয়ন হ'ব। নতুন ৰূপত গঢ় দিব গুৱাহাটীক। উত্তৰ পূৱৰ দূৱাৰমূখ গুৱাহাটীৰ উন্নয়নৰ বাবে মাষ্টাৰপ্লেন সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে।

  • Share this:
গুৱাহাটী মহানগৰীৰ উন্নয়ন হ'ব। নতুন ৰূপত গঢ় দিব গুৱাহাটীক। উত্তৰ পূৱৰ দূৱাৰমূখ গুৱাহাটীৰ উন্নয়নৰ বাবে মাষ্টাৰপ্লেন সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে।

মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে চৰকাৰে এইবছৰ সময় কম পালে বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত এই বানপানীৰ সৈতে মোকাবিলা কৰাৰ লগতে মহানগৰীখন সৰ্বাংগ সুন্দৰকৈ সজোৱাৰ বাবে হাতত পৰিকল্পনা আছে বুলি শনিবাৰে উল্লেখ কৰে। শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ বশিষ্ট চাৰিআলিৰ পৌৰ নিগমৰ যানশালা বিভাগত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ১২ টা স্বেচ্ছাসেৱী সংগঠনৰ মাজত জাৱৰ নিস্কাষণৰ বাবে ১২ খন বাহন বিতৰন কৰে। একেটা অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালো।



গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে শুকুৰবাৰে পৰ্যবেক্ষন কৰে পানবজাৰৰ গুৱাহাটী পৌৰ নিগমৰ আযুক্ত কাৰ্যালয়ো। গুৱাহাটী পৌৰ নিগমৰ আযুক্ত কাৰ্যালয়ত বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয় মন্ত্ৰী গৰাকীয়ে। গুৱাহাটীখন কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰ ওপৰত আলোচনা কৰে মন্ত্ৰী অশোক সিংঘালে। মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ লগতে জাৱৰ নিষ্কাষণৰ ওপৰত গুৰুত্ব দিয়ে ৰাজ্য চৰকাৰে।
Published by: Kokil Sarma
First published: June 5, 2021, 5:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি