உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গ্ৰন্থমেলাত মুখ্যমন্ত্ৰীক কাষতে পায় অসংখ্যজনে উঠিলে ছেলফি ! অহা বৰ্ষত মুখ্যমন্ত্ৰীৰ কি গ্ৰন্থ প্ৰকাশ পাব ?

    গ্ৰন্থমেলাত মুখ্যমন্ত্ৰীক কাষতে পায় অসংখ্যজনে উঠিলে ছেলফি ! অহা বৰ্ষত মুখ্যমন্ত্ৰীৰ কি গ্ৰন্থ প্ৰকাশ পাব ?

    অসম গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক কাষতে পাই ছেলফি উঠিলে বহুজনে। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অসম প্ৰকাশন পৰিষদৰ এটা ইউ টিউব চেনেল। 

    • Share this:
    অসম গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক কাষতে পাই ছেলফি উঠিলে বহুজনে। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অসম প্ৰকাশন পৰিষদৰ এটা ইউ টিউব চেনেল।

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'প্ৰকাশন পৰিষদৰ পুৰণা সাধু কথা লৈ এই ইউটিওব চেনেল। গ্ৰন্থমেলাত এতিয়ালৈ চাৰে চাৰি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। দৈনিক গ্ৰন্থমেলালৈ আহিছে ২৫ হাজাৰো অধিক লোক। অহা বৰ্ষত প্ৰকাশ পাব মুখ্যমন্ত্ৰীৰ আন এখন গ্ৰন্থ। যাৰ নাম হব মুখ্যমন্ত্ৰীৰ ডায়েৰী। প্ৰতিবছৰে ওলাব মুখ্যমন্ত্ৰী ডায়েৰী ৷ প্ৰতিদিনৰ মুখ্যমন্ত্ৰীৰ দিনলিপি লিপিৱদ্ধ হৈ থাকিব গ্ৰন্থখনত। এবছৰ সম্পূৰ্ণ হোৱা দিনা ৯ মেত প্ৰকাশ পাব মুখ্যমন্ত্ৰী ডায়েৰী। মিজোৰামৰ সংঘৰ্ষ দিনটো লিপিৱদ্ধ কৰা নাই মুখ্যমন্ত্ৰীয়ে। পাঁচ বছৰলৈ প্ৰতিবছৰে ওলাব মুখ্যমন্ত্ৰী ডায়েৰী। চৰকাৰ খনক ওচৰৰ পৰা চোৱা সুযোগ পাব মুখ্যমন্ত্ৰী ডায়েৰী জড়িয়তে। '

    অজন্তা বুঢ়াগোহাঁই লা-চিত গ্ৰন্থখন উন্মোচন কৰে। অসম বিলাসিনী গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে মুখ্যমন্ত্ৰীক প্ৰদান কৰে। হিমন্ত বিশ্ব শৰ্মাই কয় যে  সন্তানে যাতে প্ৰত্যেক দিনাই যাতে এখন গ্ৰন্থ অধ্যয়ন কৰে তাৰ বাবে অভিভাৱক সকলে গুৰুত্ব দিয়ক। গ্ৰাম্য অঞ্চলত গ্ৰন্থ মেলাৰ প্ৰয়োজন আছে ৷ আমাৰ চৰকাৰৰ মিটিঙত এই বিষয়টো আলোচনা কৰা হৈছে।
    Published by:Kokil Sarma
    First published: