কেৱল অসমৰে নহয় উত্তৰপূৱৰ ৰাজনীতিৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। উত্তৰপূৱত NDৰ আঞ্চলিক সংগঠন NEDAৰো আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma Birthday)।
মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই লোৱা ডাঙৰ সিদ্ধআন্ত বোৰৰ ভিতৰত অন্যতম কেইটামান হৈছে ৰাজ্যত গো সুৰক্ষা আইনৰ প্ৰৱৰ্তন, মাদ্ৰাছা শিক্ষা বিলুপ্তকৰণৰ প্ৰক্ৰিয়া, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিত নিযুক্তি বন্ধ, সপ্তাহত এখনকৈ কেবিনেট বৈঠক পাতি শাসন ব্যৱস্থাক ত্বৰাণ্বিত কৰাৰ চেষ্টা, চৰকাৰী ফাইলৰ কাম নিৰ্ধাৰিত সময়ত কৰাৰ বাবে কঠোৰ নিৰ্দেশ আদি অন্যতম।
কম সময়তে বহু ডাঙৰ সিদ্ধান্ত লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma Birthday)ৰ দক্ষতাৰ প্ৰকৃত প্ৰমাণ পাবলৈ এতিয়া অৱশ্যে বহু সময় আছে। অসমবাসীৰ আশা পুৰণ কৰাত কাৰ্যত কিমান সফল হয় সেয় সময়ে ক'ব। কিন্তু আজিৰ তাৰিখত অধিকাংশ লোকেই ইতিবাচকৰূপতেই চাই আছে হিমন্ত বিশ্ব শৰ্মাক।