অসমত ১ লাখ নিযুক্তি প্ৰক্ৰিয়াক লৈ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ওলাব চাকৰিৰ বিজ্ঞাপন !
অসমত ১ লাখ নিযুক্তি প্ৰক্ৰিয়াক লৈ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ওলাব চাকৰিৰ বিজ্ঞাপন !
অসমত ১ লাখ নিযুক্তি প্ৰক্ৰিয়াক লৈ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মই এমাহৰ ভিতৰতে কামবিলাক শেষ কৰিব খুজিছো। দুই-এদিনতে ১ লাখ চাকৰিৰ বিজ্ঞাপনো ওলাই যাব। লাহে লাহে কৰিলেও হয়, মই ৰে'লখন স্পীডত চলাই আছো যাতে মানুহৰ কষ্ট নহয়। চাকৰি প্ৰতিটো বিভাগৰে হ'ব কিন্তু সৰ্বাধিক নিযুক্তি হ'ব আৰক্ষী আৰু শিক্ষাত, কাৰণ তাত প্ৰয়োজন। য'ত যি বিভাগত প্ৰয়োজন আছে সেই অনুসৰি নিযুক্তি হ'ব।' উল্লেখ্য নিৰ্বাচনৰ সময়ত প্ৰতিখন সভাতে ১ লাখ নিবনুৱাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|