• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ ভূতনাথ ধামত পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যবাসীৰ কুশল-মংগল প্ৰাৰ্থনা ...

মহানগৰীৰ ভূতনাথ ধামত পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যবাসীৰ কুশল-মংগল প্ৰাৰ্থনা ...

কালী পূজা উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ভূতনাথ ধামত সহধৰ্মিণী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
কালী পূজা উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ভূতনাথ ধামত সহধৰ্মিণী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ভূতনাথ ধামৰ মা কালী মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে পত্নীৰ সৈতে কালীপূজাত অংশ লয়।

মন্দিৰ দৰ্শনৰ সময়ছোৱাত মা কালীৰ শ্ৰীচৰণত পূজা-অৰ্চনা আগবঢ়াই ৰাজ্যবাসীৰ কুশল-মংগলৰ বাবে প্ৰাৰ্থনা মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মা কালীৰ ওচৰত সমাজৰ অসূয়া অপ্ৰীতি নাশৰো কামনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ। উল্লেখ্য যে, ভূতনাথ ধামত মুখ্যমন্ত্রীগৰাকী উপস্থিত হোৱাৰ পাছতেই যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে মন্দিৰ চৌহদত। শ শ লোকৰ মাজত মুখ্যমন্ত্ৰীক 'মামা মামা' সম্বোধনেৰে হৰ্ষোল্লাস একাংশৰ লোকৰ। ইফালে মৰমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এখন চেল্ফি উঠিবলৈ হেতা ওপৰা আন একাংশ লোকৰ। তেওঁলোকৰ আগ্ৰহৰ প্ৰতি ধ্যান দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তুলিলে চেল্ফি।
Published by:Kokil Sarma
First published: