গো মাংস (Beef) খোৱাটো অসমত বেআইনী বুলি গণ্য কৰা নহ'ব। অসম গো সংৰক্ষণ বিধেয়ক, ২০২১ (Assam Cattle Preservation Bill, 2021)ত নিষিদ্ধ কৰা হোৱা নাই গো মাংস ভক্ষণ।
গো মাংস (Beef) খোৱাটো অসমত বেআইনী বুলি গণ্য কৰা নহ'ব। অসম গো সংৰক্ষণ বিধেয়ক, ২০২১ (Assam Cattle Preservation Bill, 2021)ত নিষিদ্ধ কৰা হোৱা নাই গো মাংস ভক্ষণ।
অসম গো সংৰক্ষণ বিধেয়ক, ২০২১ (Assam Cattle Preservation Bill, 2021) উত্থাপন কৰা হ'ল বিধানসভাৰ মজিয়াত। এই বিধেয়কখনত অসমৰ ভিতৰত গৰুৰ সৰবৰাহ (Cattlee Transportation), অন্য ৰাজ্যৰ পৰা অসমলৈ গৰুৰ সৰবৰাহ, অসমৰ পৰা অন্য ৰাজ্যলৈ গৰুৰ সৰবৰাহ আৰু অন্য ৰাজ্যৰ পৰা অসমৰ মাজেৰে অসমৰ বাহিৰৰ ঠাইলৈ গৰুৰ সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
একেসময়তে সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰকৃত কৃষিভিত্তিক(agricultural) আৰু পশুপালন (animal husbandry)ত ব্যৱহাৰৰ বাবে গৰুৰ সৰবৰাহৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰিব, Prevention of Cruelty to Animals Act, 1960ৰ অধীনত। গৰু চৰাবলৈ নিবলৈ কোনো, কৃষি পথাৰলৈ নিবলৈ বা পশুপানৰ বাবে কোনো অনুমতি নালাগে।
জিলাৰ ভিতৰত, কিনা-বেচাৰ বাবে, জীৱ-জন্তুৰ পঞ্জীয়নভূক্ত বজাৰ (registered animal market )লৈ অনা আৰু নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নাই।
বিধেয়কখনত অসমত গো মাংস (Beef) বিক্ৰী নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰস্তাব ৰখা হৈছে। হিন্দু, শিখ, জৈন আদিকে ধৰি অন্য সকলো গোমাংস ভক্ষণ নকৰা সম্প্ৰদায়ৰ লোক অধ্যূষিত অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী নিষেধ কৰা হৈছে এই বিধেয়কখনত। লগতে কোনো মন্দিৰ, সত্ৰ বা অন্য হিন্দু ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী নিষেধ কৰা হৈছে এই বিধেয়কখনত।
এই বিধেয়ক উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাৰ প্ৰস্তাব ৰখা হৈছে। বিধেয়ক উলংঘা কৰিলে ৩ৰ পৰা ৮ বছৰলৈ কাৰাদণ্ডৰ লগতে ৩ লাখৰ পৰা ৫ লাখলৈ জৰিমনা বা দুয়োটাই শাস্তিৰ সন্মুখীন হ'ব লাগিব।
উত্থাপিত অসম গো সংৰক্ষণ বিধেয়ক, ২০২১এ অসমত গো মাংস ভক্ষণত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই। গো মাংস খোৱাটো অসমত বেআইনী বুলি গণ্য কৰা নহ'ব আৰু অসম গো সংৰক্ষণ আইন, ১৯৫০(Assam Cattle Preservation Act, 1950)এ খাদ্যৰ বাবে ১৪ বছৰৰ ওপৰৰ গৰুৰ বধক অনুমতি দিছে। কিন্তু ইয়াৰ বাবে পশু চিকিৎসকৰ অনুমোদন লাগিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|