• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Meeting: তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত হ'ব গণিত-বিজ্ঞান বিষয়ৰ পাঠদান, কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Cabinet Meeting: তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত হ'ব গণিত-বিজ্ঞান বিষয়ৰ পাঠদান, কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Cabinet Meeting: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Cabinet Meeting: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Cabinet Meeting: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তসমূহ সংবাদমাধ্যমযোগে ৰাজহুৱা কৰে।

শিক্ষা বিভাগত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল-

১. বিদ্যালয়সমূহত ইংৰাজী ভাষা উন্নত কৰাৰ বাবে সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয় দুটাৰ পাঠদান তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত হ'ব।

২. মাতৃভাষাৰ লগতে সমান্তৰালভাৱে মাধ্যমিক বিদ্যালয়ত ইংৰাজী মাধ্যমতো পাঠদান কৰা হ'ব। ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ।

৩. মাধ্যমিক পৰ্যায়ত 5+1 বিষয় থাকে, সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব আৰু তাৰ ঠাইত ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সন্নিৱিষ্ট কৰা হ'ব।

৪. প্ৰথম পাঁচটা বৰ্ষৰ পাঠদান মাতৃভাষাতেই হ'ব। নিৰ্বাচিত কিছু বিদ্যালয়ত প্ৰতিজিলাৰ ৫ৰ পৰা ১০খন বিদ্যালয়ত মাতৃভাষাৰ সমান্তৰালকৈ ইংৰাজী মাধ্যমত শিক্ষা দিয়া হ'ব।

৫. অংগনৱাড়ীৰ 2টা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা 3টা শ্ৰেণী মাতৃভাষাত পাঠদান কৰা হ'ব।

৬. মাধ্যমিক পৰ্যায়ত বহু ছোৱালী বিদ্যালয় আছে, এতিয়াৰেপৰা ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে কোনো ছোৱালী বিদ্যালয় নাথাকিব। সহ-শিক্ষা বিদ্যালয় হিচাপে কোৱা হ'ব।

৭. ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰেগুলেটৰী অথৰিটীক জনাব লাগে৷ ইয়াত সকলো বিদ্যালয়ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে । নকৰিলে ১০,০০০ টকা জৰিমনা ভৰিব লাগিব।

সংবাদমেলত সদৰী কৰিব মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
Published by:Manjumoni Borah
First published: