• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Cabinet|New Tourism Policy: পৰ্যটনৰ উন্নয়নৰ বাবে নতুন পৰ্যটন নীতি ২০২২ত কেবিনেটৰ অনুমোদন, মৰাণ-জোলাহ সম্প্ৰদায়ৰ বাবে ভাল খবৰ

Assam Cabinet|New Tourism Policy: পৰ্যটনৰ উন্নয়নৰ বাবে নতুন পৰ্যটন নীতি ২০২২ত কেবিনেটৰ অনুমোদন, মৰাণ-জোলাহ সম্প্ৰদায়ৰ বাবে ভাল খবৰ

Assam Cabinet|New Tourism Policy: নতুন পৰ্যটন পলিচী ২০২২ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন। 

Assam Cabinet|New Tourism Policy: নতুন পৰ্যটন পলিচী ২০২২ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন। 

Assam Cabinet|New Tourism Policy: নতুন পৰ্যটন পলিচী ২০২২ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন। 

  • Share this:
আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত  নতুন পৰ্যটন পলিচীত কেবিনেটে অনুমোদন জনায়। নতুন পৰ্যটন পলিচী ২০২২ত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন।

চাহ উদ্যোগক পৰ্যটনৰ ক্ষেত্ৰ ৰূপে গঢ় দিবলৈ ৫০খন চাহ বাগিচাক পৰ্যটন ক্ষেত্ৰ হিচাপে উন্নীত কৰা হ'ব ৷ Tea Tourismৰ বাবে ৫০ খন বাগানৰ ঐতিহাসিক স্থান সমূহ ৰক্ষা কৰিবৰ বাবে প্ৰতিখন বাগানক সৰ্বাধিক ২ কোটি টকালৈকে ৰাজসাহাৰ্য দিব।

ইপিনে মানাহ ৰাষ্ট্ৰীয় উদ্যানত  টুৰিজিমৰ বাবে লজ নিৰ্মাণৰ জিঞ্জাৰ গ্ৰুপক দিয়া হৈছে।
ATDCৰ লজসমূহ বৃহৎ বৃহৎ হোটেল গ্ৰুপসমূহক দিয়া হ'ব।

ইপিনে জোলাহ সম্প্ৰদায়ক নতুনকৈ OBCৰ অধীনত অনা হ'ব ৷ আগতে MOBCৰ অধীনত আছিল সম্প্ৰদায়টো। জোলাহ সম্প্ৰদায় চাহ বাগিচাই MOBC নহয় OBC প্ৰমাণ পত্ৰ দিব।
আনহাতে মৰাণসকলক অসম মৰাণ সভাই দিব OBC প্ৰমাণ পত্ৰ।

ইফালে ৫ আগষ্ট দিনটো লোককল্যাণ দিন হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে। এই দিনটোত প্ৰতি জিলাৰ ৫ জন আৰু জনতা ভৱনৰ ১০ জন কৰ্মচাৰীক পুৰস্কৃত কৰা হ'ব।

গ্ৰীণ এণ্ড ছাছটেইনেবল কেম্পাছ হিচাপে গঢ় দিয়া হ'ব মেডিকেল কলেজসমূহক।
Published by:Manjumoni Borah
First published: