গুৱাহাটী মহানগৰীৰ পাহাৰসমূহ বেদখলমুক্ত কৰাক লৈও বাজেটত গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। বাজেট ভাষণত অজন্তা নেওগে কয় যে আমাৰ গুৱাহাটীৰ চাৰিওফালে সেউজীয়া পাহাৰসমূহ আছে। আৰু আমি সকলোৱে প্ৰত্যক্ষ কৰিছো যে এই পাহাৰসমূহত যথেষ্টখিনি বেদখলমুক্ত হৈছে। গুৱাহাটী মহানগৰীত হোৱা পাহাৰসমূহৰ বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আৰু পাহাৰসমূহ বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস স্বৰূপে চৰকাৰে বেদখলকাৰীসকলৰ প্ৰতি এক মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে। চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰিব আৰু যোগ্য বুলি বিবেচিত ভূমিহীন বেদখলকাৰীসকলক অগ্ৰাধিকাৰৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰ কৰিব। ভৱিষ্যতে যাতে আৰু অধিক বেদখল হ’ব নোৱাৰে তাক ৰুধিবৰ কাৰণে দ্ৰোণ আদি প্ৰযুক্তি ব্যৱহাৰ কৰি পাহাৰসমূহত দিনে–নিশাই নিৰীক্ষণ চলোৱাৰ এটা ব্যৱস্থা কৰা হ’ব। ৰাজ্য চৰকাৰে মুকলি ঠাইৰ সৃষ্টি কৰিব আৰু মহানগৰীৰ ভিতৰৰ বৰ্তমানৰ সকলো মুকলি ঠাই আৰু পাহাৰসমূহ সংৰক্ষিত কৰিব।
অজন্তা নেওগৰ বাজেট ভাষণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমি পাহাৰত থকা লোকসকলক বেলেগ ঠাইত স্থানান্তৰ নকৰো, সেই পাহাৰতে তেওঁলোকক পট্টা দি বিষয়টো আমি নিষ্পত্তি কৰিম।’’
‘‘এই পাহাৰসমূহ বেদখলমুক্ত কৰাৰ কথা আমি অতি সৰলীকৃতভাৱে কৰিব বিচাৰিছো। যাতে এই পাহাৰসমূহত যিসকল লোকে বসবাস কৰিছে তেওঁলোকে যাতে ভূমি অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু ভৱিষ্যতে যাতে অধিক বেদখল নহয় তাৰ বাবে চৰকাৰে নিৰীক্ষণ ব্যৱস্থা জাৰি ৰাখিব।