প্ৰথমবাৰৰ বাবে অসম গ্ৰন্থমেলাত প্ৰদান কৰা হ'ব সাহিত্য বঁটা। এই বঁটা এইবাৰ লাভ কৰিছে ডঃ নন্দিতা দেৱীৰ বঙল বহু দূৰ নামৰ গ্ৰন্থখনে। ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব লগা অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা।এই বঁটাত আছে দুই লাখ টকাৰ মাননি। লিখক আৰু প্ৰকাশকক প্ৰদান কৰা হ'ব এই মাননি। এই গ্ৰন্থখনৰ জ্যোতি প্ৰকাশনৰ হৈ প্ৰকাশ কৰিছিল নগেন শৰ্মাই।
গ্ৰন্থখন নিৰ্বাচন কৰা দুতৰপীয়া সমিতিত আছিল সুমন্ত চলিহা, কৰৱী ডেকা হাজৰিকা, দীপ্তি ফুকন পাটগিৰি, লিনা শৰ্মা, উৎপল দত্ত। প্ৰথম বাৰৰ বাবে গুৱাহাটী গ্ৰন্থ মেলা আৰু উত্তৰ পূব গ্রন্থ মেলা একেলগ হৈ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব 'অসম গ্রন্থ মেলা। ২৯ ডিচেম্বৰৰ ২০২১ ৰ পৰা ৯ জানুৱাৰী ২০২২লৈ হ'ব এই গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত হ'বলগীয়া গ্ৰন্থমেলাক লৈ চলিছে ব্যাপক প্ৰস্তুতি। ৯ জানুৱাৰীলৈ চলিবলগীয়া গ্ৰন্থমেলাত থাকিব মুঠ ১১৫ খন ষ্টল। ইয়াৰে দিল্লীৰ ১০ খন,কলকতাৰ আৰু ঢাকাৰ ৫ খনকৈ ষ্টল।বুধবাৰৰ পৰা আৰম্ভ হবলগীয়া অসম গ্ৰন্থমেলাৰ বাবে সাজু হৈ উঠিছে গ্ৰন্থ বিক্ৰেতাসকল। পাঠকক নতুন নতুন গ্ৰন্থৰ সুবাস দিয়াৰ বাবে কেইবাখনো নতুন গ্ৰন্থ লৈ আহিছে গ্ৰন্থমেলালৈ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
উল্লেখযোগ্য যে,যোৱাবাৰ গ্ৰন্থমেলাত কভিদসৃষ্ট পৰিবেশৰ সত্বেও বিক্ৰী হৈছিল ১ কোটি ৯২ লাখ টকাৰ গ্ৰন্থ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|