মঙলবাৰে ৰাজ্যিক বিজেপি (State BJP)ৰ হেঙেৰাবাৰীস্থিত মুখ্য কাযাৰ্লয়ৰ পৰা বিভিন্ন জিলা কাৰ্যালয়ে সংগ্ৰহ কৰিলে পুঁজি সংগ্ৰহৰ কুপন বহী ৷ বঙাইগাঁৱকে ধৰি বিভিন্ন জিলাই ১ জানুৱাৰীৰ পৰা ৪০ৰ পৰা ৬০ লাখ টকা দলীয় পুঁজি (Party Fund)সংগ্ৰহৰ টাৰ্গেট লাভ কৰিছে ৷ যি সমূহ জিলাত বিজেপিৰ বিধায়ক কম সেই সমূহ জিলাক ধন সংগ্ৰহৰ পৰিমাণ কমকৈ ধাৰ্য কৰি দিয়াৰ বিপৰীতে বিজেপিৰ বিধায়ক অধিক থকা জিলা সমূহক ধাৰ্য কৰি দিছে কোটি টকাৰ ওপৰৰ টাৰ্গেট ৷
অৱশ্যে কোনো দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা চান্দা সংগ্ৰহ কৰিব নোৱাৰিব বুলিও দলীয় নেতৃত্বই স্পষ্টকৈ জনাইছে ৷ "আমি পুঁজি সংগ্ৰহ কৰিম ৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে স্ব ইচ্ছাৰে হাজাৰ টকাৰ বৰঙণি দিছে আমাৰ দলীয় সদস্য সকলেও দিব ৷ ৫০ টকাৰ পৰা ধাৰ্য কৰা হৈছে কুপনৰ নিৰিখ ৷ এই ধন সম্পৰ্কৰ লগত জনসম্পৰ্কও আমাৰ লক্ষ্য ৷ কাকো জোৰ-জুলুম কৰি আমি দলীয় পুঁজি বৃদ্ধি নকৰোঁ ৷ আমাৰ এই নিধি দলটোৰ বাবে খুবেই প্ৰয়োজনীয় ৷" এই বুলি ক'লে বিজেপিৰ ৰাজ্যিক কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই।
ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh Kalita), সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই, দ্বিপ্লু ৰঞ্জন শৰ্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Barua) তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাযাৰ্লয়ত আজি এক দলীয় বৈঠক অনুষ্ঠিত হৈ যায় ৷ দলৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "সমাগত ঠেঙাল-কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিবাৰ্চনৰ বিষয়ে বিতংভাৱে আলোচনা হ'ল বৈঠকত ৷" আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ঠেঙাল-কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিবাৰ্চনত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় অৱধাৰিত বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে দলৰ কাৰ্যকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে ৰাইজৰ কাৰণে গ্ৰহণ কৰা কল্যাণকামী কৰ্মৰ আধাৰত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল বিজয় লাভ কৰিব৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
উল্লেখ্য যে মঙলবাৰৰ দিনটোত সদৌ অসম ঠেঙাল-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি কেশৱ নেওগ ঠেঙালে পূৰ্বৰ পদ ত্যাগ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|