ভবেশ কলিতাই কয়, "মিঠাতেলৰ দাম যিহেতু বেছি ৰাইজে পুৰ্বতকৈ কমকৈ মাটিৰ চাকি জ্বলাই পালন কৰক দীপাৱলী।"
ভবেশ কলিতাই কয়, "মিঠাতেলৰ দাম যিহেতু বেছি ৰাইজে পুৰ্বতকৈ কমকৈ মাটিৰ চাকি জ্বলাই পালন কৰক দীপাৱলী।"
মিঠাতেলৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে জনতাক। সাধাৰণ লোকে চুব নোৱৰা হৈছে মিঠাতেল। আনকি চোৰেও নতুনকৈ টাৰ্গেট কৰি লৈছে মিঠাতেলক। মিঠাতেলৰ এই আকাশলংঘী দাম বৃদ্ধিৰ মাজতে আহিছে পোহৰৰ উৎসৱ দীপাৱলী। ৰাইজৰ টেনচন হৈছে মিঠাতেলৰ ইমান দাম, কেনেকৈ মাটিৰ চাকি জ্বলাই আদৰিব পোহৰৰ উৎসৱক! পিছে বিজেপিৰ সভাপতি ভবেশ কলিতাই ৰাইজক দিছে এক অব্যৰ্থ উপায়। ভবেশ কলিতাৰ পৰামৰ্শ- এইবাৰ বেছি চাকি নজ্বলাব ৰাইজে!
ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সোমবাৰে সেউজ দিপাৱলী পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। ভবেশ কলিতাই কয়, "মিঠাতেলৰ দাম যিহেতু বেছি ৰাইজে পুৰ্বতকৈ কমকৈ মাটিৰ চাকি জ্বলাই পালন কৰক দীপাৱলী।" লগতে তেওঁ "চাইনিজ বস্তু পৰিহাৰ কৰক" বুলিও মন্তব্য কৰে।
উল্লেখ্য যে মিঠাতেলৰ দাম বঢ়াৰ বাবে ৰাইজে, বিশেষকৈ অসুস্থ লোকে মিঠাতেল কমকৈ খাব লাগে বুলি দেওবাৰে মন্তব্য কৰিছিল ভবেশ কলিতাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|