অসমত কেইবাজনো মহান ৰাজনীতিবিদে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰি গৈছে। গোপীনাথ বৰদলৈ (Gopinath Bordoloi)ৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে। কিন্তু জনপ্ৰিয়তাৰ ক্ষেত্ৰত কোন প্ৰথম সেয়া তপৰাই কোৱাটো সহজ নহয় বা সমীচিনো নহয়। জনপ্ৰিয়তাৰ বাবেই প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে লোকপ্ৰিয় বিভূষণেৰে বিভূষিত হৈছিল। আনসকলৰো কাৰো জনপ্ৰিয়তা কম নাছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ যেন আছে এক আচৰিত যাদুকৰী শক্তি। হয়তো সেই বাবেই দাদাৰ পৰা মামালৈ উত্থান হৈছে হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত মুখ্যমন্ত্ৰগৰাকীৰ জনপ্ৰিয়তা উলাই কৰিব নোৱাৰি।
শেহতীয়াকৈ এখন ফটোৱে এই কথাকে পুনৰ প্ৰমাণ কৰিলে। মন্ত্ৰী পীযুষ হাজৰিকাই শ্বেয়াৰ কৰা এখন ফটোৱে সকলোকে আচৰিত কৰিছে। ফটোখন এখন অটোৰ। চাওক ফটোখন-
I am politically involved since 1991, both directly and indirectly! I have never seen this kind of popularity of a Chief Minister! @himantabiswa sir is an inspiration. So proud to serve him in his Cabinet pic.twitter.com/lKcPwEBe0F