• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly : বিধানসভাত অসহায় অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিচাৰিলে সুৰক্ষা! কি হৈছিল বিধানসভাত?

Assam Assembly : বিধানসভাত অসহায় অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিচাৰিলে সুৰক্ষা! কি হৈছিল বিধানসভাত?

প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশ্নকালীন ঘণ্টা কেনেকৈ চলাব তাকে লৈ অধ্যক্ষগৰাকী বিপাঙত পৰে ৷

প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশ্নকালীন ঘণ্টা কেনেকৈ চলাব তাকে লৈ অধ্যক্ষগৰাকী বিপাঙত পৰে ৷

প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশ্নকালীন ঘণ্টা কেনেকৈ চলাব তাকে লৈ অধ্যক্ষগৰাকী বিপাঙত পৰে ৷

  • Share this:
অসম বিধানসভা (Assam Assembly)ৰ মজিয়াত বিৰোধীৰ প্ৰশ্নবাণত অতিষ্ঠ হৈ অধ্যক্ষ বিশ্বজিত দৈমাৰী (Biswajit Daimary)য়ে সদনৰ পৰা বিচাৰিলে সুৰক্ষা ৷ বিৰোধী বিধায়ক কমলাক্ষ দে পুৰকায়স্থক উদ্দেশ্যি অধ্যক্ষ দৈমাৰীয়ে "তেওঁ চিঞৰিলে সদনত কোনেও চিঞৰিব নোৱাৰিব" বুলি সকিয়াই দিয়ে ৷

মংগলবাৰে অসম বিধানসভাৰ মজিয়াত অসহায় হৈ পৰা দেখা গ'ল অধ্যক্ষ বিশ্বজিত দৈমাৰীক ৷ প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশ্নকালীন ঘণ্টা কেনেকৈ চলাব তাকে লৈ অধ্যক্ষগৰাকী বিপাঙত পৰে ৷ সততে বাজেট অধিৱেশনৰ প্ৰশ্নকালীন ঘণ্টাত বিৰোধীৰ পৰিপূৰক প্ৰশ্ন বৃদ্ধি পোৱা বুলি দোহাৰে অধ্যক্ষ দৈমাৰীয়ে ৷ মংগলবাৰে আব্দুল আজিজৰ সমাজ কল্যাণ বিভাগক লৈ কৰা প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ সদনত থিয় হয় কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু ছিদ্দেক আহমেদ ৷ দুয়োগৰাকী বিধায়ক থিয় হোৱাত অধ্যক্ষ বিশ্বজিত দৈমাৰী বিমোৰত পৰি সদনত তেওঁ সুৰক্ষা বিচাৰি এনেদৰে সদন নচলে বুলি মন্তব্য কৰে ।

সুৰক্ষা বিচাৰি অধ্যক্ষ দৈমাৰীয়ে বিধায়ক কমলাক্ষ দে পুৰকায়স্থক জ্যেষ্ঠ বিধায়ক হিচাপে সকলো সময়তে সকলো প্ৰশ্নত কিয় মাতি থাকে বুলি প্ৰশ্ন কৰে ৷ কিন্তু কংগ্ৰেছী বিধায়ক কমলাক্ষই পুনৰ প্ৰশ্ন কৰিবলৈ তৎপৰ হোৱাত অধ্যক্ষই “প্ৰশ্নকালীন ঘণ্টাত অধ্যক্ষ থাকিব নালাগে নেকি? যদি নালাগে মই নাথাকোঁ !  চলক এনেকৈয়ে সদন" বুলি জাঙুৰ খাই উঠে।

ইয়াৰ পিছতে সদনত প্ৰশ্ন কৰিলে বিভাগে পাল মৰাৰ দৰে উত্তৰ দিয়াৰ প্ৰসংগ উত্থাপন কৰিবলৈ গৈ উত্তেজিত হৈ পৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদা ৷ বিধায়ক নুৰুল হুদাৰ আচৰণত অধ্যক্ষ দৈমাৰীয়ে সদনত কিয় চিঞৰিব লাগে বুলি প্ৰশ্ন কৰে ৷ সদনত অধ্যক্ষই চিঞৰিলে কোনেও তেওঁক বলে নোৱাৰিব বুলিও সকিয়াই দিয়ে অধ্যক্ষগৰাকীয়ে  ৷
Published by:Manjumoni Borah
First published: