• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Session 2021 : আজি সদনত গৃহীত হ'ব অসম পশুধন সুৰক্ষা বিধেয়ক ২০২১, মুঠ আঠখন বিল হ'ব গৃহীত

Assam Assembly Session 2021 : আজি সদনত গৃহীত হ'ব অসম পশুধন সুৰক্ষা বিধেয়ক ২০২১, মুঠ আঠখন বিল হ'ব গৃহীত

দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্বন বিল ২০২১ত ৭৫টা সংশোধনী প্ৰস্তাৱ আনিব বিৰোধীয়ে। মুঠ ৮খন বিধেয়ক গৃহীত হ'ব।

দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্বন বিল ২০২১ত ৭৫টা সংশোধনী প্ৰস্তাৱ আনিব বিৰোধীয়ে। মুঠ ৮খন বিধেয়ক গৃহীত হ'ব।

দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্বন বিল ২০২১ত ৭৫টা সংশোধনী প্ৰস্তাৱ আনিব বিৰোধীয়ে। মুঠ ৮খন বিধেয়ক গৃহীত হ'ব।

  • Share this:
১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি অন্তিমটো দিনত সদনত গৃহীত হ'ব পশুধন বিধেয়ক ৷ পশুধন বিধেয়কক লৈ বিৰোধীয়ে আনিব ৭৫টা সংশোধনী প্ৰস্তাৱ ৷ জনসংখ্যা নীতি, আন্তৰাজ্যিক সীমা বিবাদ আৰু চৰ-চাপৰিৰ সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে পৃথকে পৃথকে দিব সদনত বিবৃত্তি ৷

আজি সদনৰ অন্তিম কাৰ্যক্ৰমণিকাত অসম পশুধন সুৰক্ষা বিধেয়ক, ২০২১ (The Assam Cattle Preservation Bill, 2021) সদনত গৃহীত কৰিবলৈ প্ৰস্তাৱ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ বিৰোধীয়ে দফাই দফাই বিবেচনা কৰাৰ বাবে ৭৫টা সংশোধনী প্ৰস্তাৱ আনিব ৷

পশুধন বিধেয়কৰ লগতে আজি গৃহীত হ'ব লগা আন এখন জৰুৰী বিধেয়ক হৈছে দ্য আসাম টেনেনচি বিল ২০২১। এই বিধেয়কৰ জৰিয়তে চৰকাৰে ভাৰাত থকা লোকসকলক সকাহ দিয়াৰ চেষ্টা কৰিছে।

এই দুইখনৰ উপৰি আন সাতখন বিধেয়ক সদনত গৃহীত  হ'ব ৷ পাৰিত হ'বলগীয়া বিধেয়ক কেইখন ক্ৰমে-

১) দ্য আসাম এমপ্লইচ পেৰেণ্টছ ৰেচপনচিবিলিটি এণ্ড নৰমচ্ ফৰ একাউণ্টিবিলিটি এণ্ড মনিটৰিং (এমেণ্ডমেণ্ট) বিল ২০২১

২) দ্য ৰেজিষ্ট্ৰেচন (আসাম এমেণ্ডমেণ্ট) বিল ২০২১

৩) দ্য আসাম প্ৰফেশ্বনচ্ ট্ৰেডচ্, কোলিং এণ্ড এমপ্লইচ্ টেক্সেশ্বন (এমেণ্ডমেণ্ট) বিল ২০২১

৪) দ্য আসাম মিউনিচিপাল (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২১

৫) দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ (এমেণ্ডমেণ্ট) বিল ২০২১

৬) দ্য ইণ্ডিয়ান ষ্টেম্প (আসাম এমেণ্ডমেণ্ট) বিল ২০২১

৭) দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্বন বিল ২০২১
Published by:Manjumoni Borah
First published: