• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Session 2021 : বিয়লি ৩ বজালৈ স্থগিত সদন। কোৰোণা ভেকছিনকৈ লৈ উত্তাল বিধানসভাৰ মজিয়া।

Assam Assembly Session 2021 : বিয়লি ৩ বজালৈ স্থগিত সদন। কোৰোণা ভেকছিনকৈ লৈ উত্তাল বিধানসভাৰ মজিয়া।

কংগ্ৰেছৰ দাবী ঘৰে ঘৰে ভেকছিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে লৈ পুনৰ সদনত কংগ্ৰেছে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।

কংগ্ৰেছৰ দাবী ঘৰে ঘৰে ভেকছিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে লৈ পুনৰ সদনত কংগ্ৰেছে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।

কংগ্ৰেছৰ দাবী ঘৰে ঘৰে ভেকছিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে লৈ পুনৰ সদনত কংগ্ৰেছে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।

  • Share this:
কোৰোণা ভেকছিন (Corona Vaccine)ক লৈ অসম বিধানসভাৰ (Assam Assembly) মজিয়া উত্তাল হৈ পৰা বাবে আজি বিয়লি ৩ বজালৈ স্থগিত ৰখা হয় সদন।

সদনত কোভিড প্ৰতিষেধক টিকাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰ দিছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কিন্তু স্বাস্থ্য মন্ত্ৰীৰ উত্তৰৰ মাজতে ভৰত নৰহে মন্তব্য কৰাত জাঙুৰ খাই উঠে কেশৱ মহন্ত। কেশৱ মহন্তৰ অভিযোগ বিৰোধী দলপতিৰ প্ৰশ্নৰ উত্তৰত ভৰত নৰহে সদনক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। ফলত সদনত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।

লগে লগে ভেকছিনৰ বিৰুদ্ধে বহু দল-সংগঠন আৰু কংগ্ৰেছে অপপ্ৰচাৰ কৰিছে বুলি অভিযোগ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ নাম লৈ অভিযোগ কৰাৰ লগে লগে ৱাজেদ আলি চৌধুৰীয়ে ভেকছিনক লৈ ৰাজনৈতিক দলক দোষাৰোপ কৰা হৈছে বুলি প্ৰতিবাদ কৰে আৰু এই বিষয়ত সদনত আধা ঘণ্টাৰ আলোচনা হ'ব লাগে বুলি দাবী কৰে। ৱাজেদ আলি চৌধুৰীৰ কথাত অধ্যক্ষই নোটিচ দিবলৈ কয়।

কেশৱ মহন্তইও অভিয়োগ কৰে যে বহু সংগঠনে ভেকছিনকলৈ বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰিলে ৷ যাৰ বাবে প্ৰথম অৱস্থাত ভেকচিন ল'বলৈ সন্মত হোৱা নাছিল বহু লোক ৷ এতিয়া ৰাইজ ওলাই আহিছে। এনে সময়তে আকৌ সদনত হুলস্থূল লাগে।

কংগ্ৰেছৰ দাবী ঘৰে ঘৰে ভেকছিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে লৈ পুনৰ সদনত কংগ্ৰেছে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাত অধ্যক্ষই তিনি বজালৈ সভা স্থগিত ঘোষণা কৰে।
Published by:Manjumoni Borah
First published: