মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাক দিয়া হ’ব অসম ৰত্ন বঁটা? বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘আমি অসম ৰত্ন বঁটা বুদ্ধিজীৱীক নিদিওঁ’

কাক দিয়া হ’ব অসম ৰত্ন বঁটা? বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘আমি অসম ৰত্ন বঁটা বুদ্ধিজীৱীক নিদিওঁ’

News18 Assam | News18-Assam
Updated:July 15, 2021, 2:29 PM IST
কাক দিয়া হ’ব অসম ৰত্ন বঁটা? বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘আমি অসম ৰত্ন বঁটা বুদ্ধিজীৱীক নিদিওঁ’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ ভুল হৈ গ'ল বিগত সময়ছোৱাত। আমি কাম কৰা মানুহবোৰৰ ওপৰত গুৰুত্ব নিদিলো৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ ভুল হৈ গ'ল বিগত সময়ছোৱাত। আমি কাম কৰা মানুহবোৰৰ ওপৰত গুৰুত্ব নিদিলো৷’’

  • Share this:
আজি অসম বিধানসভাৰ বাজেট অধিৱেশনত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰ্ম সংস্কৃতিক লৈ বিধায়ক মৃণাল হাজৰিকাৰ এক প্ৰশ্নৰ আঁত ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ ভুল হৈ গ'ল বিগত সময়ছোৱাত। আমি কাম কৰা মানুহবোৰৰ ওপৰত গুৰুত্ব নিদিলো৷ পাঁচ বছৰত আমি এনেদৰে কাম কৰিলে আমি অসমৰ ছবিয়ে সলনি কৰিব পাৰিম বুলি মই বিশ্বাস কৰো।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসম ৰত্ন বঁটা আমি বুদ্ধিজীৱীক নিদিওঁ৷ আমি অসম ৰত্ন বঁটা দিম সেই অংগনবাড়ী কৰ্মীক যিয়ে শিশু–মহিলাৰ পুষ্টি সাধন কৰালে৷ সেইজনেহে পাব যিয়ে কৰ্মসংস্কৃতি গঢ়িছে৷ অসম ৰত্নৰ ৰেহ–ৰূপ সলনি হ'ব।’’

‘‘বাজেটৰ সংকল্প পত্ৰত আহিব যে পাঁচ বছৰৰ ভিতৰত যাতে বাহিৰৰ পৰা গাখীৰ, মাছ, চিকেন আমি আনিবলগীয়া নহয়৷ আমি আমাৰ ইয়াতে উৎপাদন কৰিম। ঢলপুৰৰ উৎপাদনেৰে গুৱাহাটীত গাখীৰৰ অভাৱ পূৰণ কৰক৷ তেনে আঁচনিৰহে প্ৰয়োজন।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি প্ৰচেষ্টা ল’ম যাতে প্ৰতিটো সমষ্টিত এশজন ল'ৰাক ৰাজমিস্ত্ৰি, এশজনক ড্ৰাইভিঙৰ প্ৰশিক্ষণ দিয়াব পাৰো৷ তেনেদৰে যুৱতীসকলোকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম৷ বিধায়কসকলক দায়িত্ব দিম৷ পাঁচ বছৰত আমি এনে প্ৰচেষ্টাৰে আগবাঢ়িম৷ বাজেটত তাৰ এটা সৰু আভাস ৰাইজে পাব।

মুখ্যমন্ত্ৰীয়ে , যোৱা কালিৰ কেবিনেটত আমি এক ঐতিহাসিক সিদ্ধান্ত ল'লো যে চাহ বাগিচাৰ শ্ৰমিকে এনৰেগাৰ জৰিয়তে চাহ বাগিচাৰ এলেকাতে কাম কৰিব পাৰিব।
Published by: Sanjay Kumar Das
First published: July 15, 2021, 2:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি