সাধাৰণতে দেখা যায় গ'ল্ফ ফিল্ডত ইলেক্ট্ৰিক গ'ল্ফ কাৰ্ট ৷ বহু ক্লাৱ, বিমান বন্দৰতো ব্যৱহাৰ কৰা দেখা যায় ৷ এই গ'ল্ফ কাৰ্ট এইবাৰ কিনিলে অসম বিধানসভাই ৷ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বিধানসভাৰ সচিবালয়ত পাৰ্কিঙৰ যথেষ্ট সমস্যা হয় ৷ সেয়ে বিধায়ক আৱাসৰ পৰা বিধানসভালৈ বিধায়কসকলক অনা-নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হ'ব গ'ল্ফ কাৰ্ট ৷ পাঁচখন ইলেক্ট্ৰিক গ'ল্ফ কাৰ্ট কিনিলে বিধানসভাই ৷ এই কথা জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷
পাৰ্কিং সমস্যা সমাধানৰ বাবে বিধানসভাই গ'ল্ফ কাৰ্টেই নহয়, বিধানসভাৰ বাবে কিনিছে এখন ICU ব্যৱস্থা থকা উন্নত মানৰ এম্বুলেন্স ৷ ফেব্ৰুৱাৰীৰ শেষত আহি পাব সেই অত্যাধুনিক এম্বুলেন্স ৷ এই কথা শুকুৰবাৰে জনালে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷