உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Accord : অসম চুক্তিক লৈ গঠিত উপ কমিটীৰ প্ৰথম বৈঠক, ১৫ দিনৰ মূৰে মূৰে হ'ব বৈঠক, তিনি মাহৰ ভিতৰত কমিটীয়ে দিব প্ৰতিবেদন

    Assam Accord : অসম চুক্তিক লৈ গঠিত উপ কমিটীৰ প্ৰথম বৈঠক, ১৫ দিনৰ মূৰে মূৰে হ'ব বৈঠক, তিনি মাহৰ ভিতৰত কমিটীয়ে দিব প্ৰতিবেদন

    "অসম চুক্তিৰ ৫, ৬, ৭, ৮, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ৰোড মেপ তৈয়াৰ কৰা হ'ব। উপ সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন যুগুত কৰি চৰকাৰক দাখিল কৰিব। ১৫ দিনৰ পাছত পুনৰ আলোচনা হ'ব।" আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ মন্তব্য

    "অসম চুক্তিৰ ৫, ৬, ৭, ৮, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ৰোড মেপ তৈয়াৰ কৰা হ'ব। উপ সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন যুগুত কৰি চৰকাৰক দাখিল কৰিব। ১৫ দিনৰ পাছত পুনৰ আলোচনা হ'ব।" আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ মন্তব্য

    "অসম চুক্তিৰ ৫, ৬, ৭, ৮, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ৰোড মেপ তৈয়াৰ কৰা হ'ব। উপ সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন যুগুত কৰি চৰকাৰক দাখিল কৰিব। ১৫ দিনৰ পাছত পুনৰ আলোচনা হ'ব।" আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ মন্তব্য

    • Share this:
    খানাপাৰাত থকা অসম চুক্তি ৰূপায়ণ কাৰ্যালয়ত আজি অনুষ্ঠিত হ'ল অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত গঠন হোৱা উপ কমটী (Assam Accord Sub Committee)ৰ প্ৰথমখন বৈঠক। বৈঠকত আছু নেতৃত্বৰে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অজন্তা নেওগে অসম চুক্তি ৰূপায়ণৰ বিভিন্ন দিশৰ সম্পৰ্কে আলোচনা কৰে।

    বৈঠকত  আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা উদ্দিপজ্যোতি গগৈ আৰু প্ৰকাশ দাস উপস্থিত আছিল।

    বৈঠকৰ অন্তত আছুৰ সভাপতি  দিপাংক কুমাৰ নাথে কয়, "অসম চুক্তিৰ ৫, ৬, ৭, ৮, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ৰোড মেপ তৈয়াৰ কৰা হ'ব। উপ সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন যুগুত কৰি চৰকাৰক দাখিল কৰিব। ১৫ দিনৰ পাছত পুনৰ আলোচনা হ'ব।
    অসম চুক্তি সম্পাদন হোৱাৰ যোৱা ৩৫-৩৬ বছৰ ৰূপায়ণ হোৱা নাই- এই সকলোবোৰ কথা আজিৰ উপ সমিতিত আলোচনা কৰা হৈছে। সীমান্ত ছীলকে ধৰি অশোক কাগজ মিলৰ বিষয়লৈ আজিৰ আলোচনাত ঠাই পাইছে। অসম আন্দোলনৰ সময়ত গুলীবিদ্ধ হোৱা সকলো ব্যক্তিৰ তালিকা আমি দিয়া মতে আলোচনা হৈছে। মুখ্যমন্ত্ৰীৰ লগতো এই বিষয়ত পুনৰ আলোচনা হ'ব।

    আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "অসম চুক্তিৰ প্ৰতিটো দফা, বান খহনীয়া, অৰ্থনৈতিক সমস্যা, NRC উন্নীতকৰণ আদিৰ কথা আলোচনা কৰি মুখ্যমন্ত্ৰীক জনোৱা হৈছিল। আৰু আলোচনাৰ প্ৰয়োজন আছে। এই সমিতিয়ে কেৱল প্ৰতিবেদন নিদিয়ে। তাৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা হ'ব। প্ৰয়োজন হ'লে তাৎক্ষণিক সভা হ'ব। অসমৰ জনগণে অসম চুক্তিৰ ফলাফল বিচাৰে। AASUয়ে বিচাৰে ফলাফল। ফলাফল পালেহে আমি আশ্বস্ত হ'ম। প্ৰথম বাৰৰ বাবে অতুল বৰাক লৈ এনেকুৱা এখন সমিতি গঠন কৰা হৈছে।  এতিয়াও চৰকাৰৰ লগত কিছুমান বিষয়ত অমিল আছেই। আমাৰ ছাত্ৰ সন্থাৰ যি স্থিতি সদায় একেই আছে, অলৰ অচৰ নহয়।"

    আনহাতে মন্ত্ৰী অতুল বৰাই কয় যে "য'ত ইচ্ছা থাকে তাত সমাধান থাকিবই। দীৰ্ঘদিনীয়া সমস্যা অসম চুক্তি । বহু চৰকাৰ আহিল বহু গ'ল । এই চৰকাৰে ক্ষীপ্ৰতাৰে সমাধান কৰিব ।তিনিমাহৰ ভিতৰত এই কমিটিখনে কামখিনি সম্পুৰ্ণ কৰিবলৈ চেষ্টা কৰিব । আমি ১৫ দিনৰ মূৰে মূৰে বৈঠকত কমিটীৰ সদস্যসকল মিলিত হ'ম।"

    কমিটীৰ আন এগৰাকী সদস্য বিত্ত মন্ত্ৰী আজন্তা নেওগে কয় যে "আজি যোগাত্মক পৰিবেশত আলোচনা হৈছে। অতি কম সময়ৰ ভিতৰত বাস্তৱত ৰূপায়িত হ'ব অসম চুক্তি।"
    Published by:Manjumoni Borah
    First published: