• Home
  • »
  • News
  • »
  • assam
  • »
  • নিপিকাব! বৰ কষ্টেৰে কাম কৰিছোঁ ৷ নতুন উৰণীয়া সেঁতুত চিত্ৰ অংকন কৰি ক'লে সৃষ্টিয়ে

নিপিকাব! বৰ কষ্টেৰে কাম কৰিছোঁ ৷ নতুন উৰণীয়া সেঁতুত চিত্ৰ অংকন কৰি ক'লে সৃষ্টিয়ে

নতুন উৰণীয়া সেঁতুত কলাৰ যাদু: ৰাজ্য আৰু দেশৰ লগতে উজলিব জনগোষ্ঠীয় কলা

নতুন উৰণীয়া সেঁতুত কলাৰ যাদু: ৰাজ্য আৰু দেশৰ লগতে উজলিব জনগোষ্ঠীয় কলা

নতুন উৰণীয়া সেঁতুত কলাৰ যাদু: ৰাজ্য আৰু দেশৰ লগতে উজলিব জনগোষ্ঠীয় কলা

  • Share this:
সৃষ্টি সিংহ, মিচফাকুলহঁতে ৰাতি দিন এক কৰি কৰি গৈছে কলাত্মক কাম ৷ কাম চলি আছে গুৱাহাটীৰ আন এখন উৰণীয়া সেঁতুৰ ৷ ঠিকেই ভাবিছে, ৰুক্মিনীগাঁৱৰ পৰা লাষ্ট গে'ট সংযোগী উৰণীয়া সেঁতুখনেই ৷ যিখন সেঁতুৰ কাম কৰি থাকোঁতে ৰাজকন্যা কাণ্ডৰ দৰে ৰাজ্য কঁপোৱা ঘটনা সংঘটিত হৈ গ'ল ইতিমধ্যে ৷ দ্ৰুত গতিত চলি গৈছে নিৰ্মাণ কাৰ্য ৷  এতিয়া উৰণীয়া সেঁতুখনক শেষ স্পৰ্শ দিবলৈহে বাকি আছে ৷

উৰণীয়া সেঁতুখনৰ দেৱাল বোৰত এতিয়া চলিছে শিল্পীৰ তুলিকাৰে শিল্প গঢ়াৰ কাম ৷ যি কামত নিয়োজিত হৈ আছে প্ৰায় ২০জন শিল্পী ৷ সকলোৰে হাতে হাতে ৰং আৰু তুলিকা ৷ ২০ অক্টোবৰ তেওঁলোকৰ বাবে অন্তিম দিন ৷ সেয়ে প্ৰত্যেকেই বতৰৰ বিঘিনিকো নেওচা দিবলৈ উদ্যত হৈ কৰি আছে কাম ৷ NEWS18ৰ আগত মণিপুৰৰ কলাক দেৱালত আত্মিকতাৰে অংকন কৰি সৃষ্টি সিংহই ক'লে,  "বেয়া লাগিব ৷ বৰ কষ্ট কৰিছোঁ ৷ সময়ো কম ৷ আমি হৃদয় ঢালি দিছোঁ ৷ কিন্তু কাইলৈ যদি কোনোবাই পিকাই থৈ যায় মই কি কৰিম ! সকলোলৈ অনুৰোধ, নিপিকাব, নিজৰ চহৰ বুলি, নিজৰ ঘৰ বুলি নিজৰ কোঠা বুলি ক'লে নিশ্চয় নিপিকায় ৷ চাৰিখন দেৱালত আমি চাৰিটা বিশেষ কাম কৰিছোঁ ৷ অসমৰ বাহিৰৰ পৰা অহা মানুহকো আকৰ্ষিত কৰিব পাৰিম বুলি মই বিশ্বাসী ৷"— সৃষ্টি সিংহই ক'লে এই কথা ৷

সৃষ্টি সিংহৰ দৰে আৰু বহুজনে ৰং তুলিকা লৈ দেৱালত ৰঙৰ মেলা পাতিছে ৷ য'ত অসমৰ প্ৰতিটো জনগোষ্ঠী কম বেছি পৰিমাণে অংকিত হৈছে ৷ দেশৰ জনগোষ্ঠী সমূহকো কৰা হৈছে প্ৰতিফলিত ৷ লখিমপুৰৰ নিলীম মহন্তৰ তত্বাবধানত চাৰিখন দেৱালত কি কি অংকন কৰা হৈছে জনালে তুলিকা হাতত লৈ মিচফাকুল ৰহমানে, "এখনত ৰাজ্যৰ সকলো জনজাতিক আমি অংকন কৰিছোঁ ৷ দুই এক ক'ৰবাত ৰৈ গ'লেও কোনেও দোষ যেন নধৰে ৷ এখন দেৱালত ভাৰতৰ অধিকাংশ জনজাতিক আমি প্ৰাধান্য দিছো ৷ এখনত দিছো বন্য প্ৰাণীক আৰু এখনত সকলোবোৰ ঐতিহ্যস্থলীক ৷"
Published by:Manjumoni Borah
First published: