உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জম্মদিনত ৰাজ্যজুৰি পালন "অভিৰুচি ক্ৰীড়া দিৱস" ! গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ ল'লে ভোগেশ্বৰ বৰুৱাই...

    অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জম্মদিনত ৰাজ্যজুৰি পালন "অভিৰুচি ক্ৰীড়া দিৱস" ! গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ ল'লে ভোগেশ্বৰ বৰুৱাই...

    অৰ্জুন বটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জম্মদিনটো শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় "অভিৰুচি ক্ৰীড়া দিৱস" হিচাপে। কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকে ভোগেশ্বৰ বৰুৱা। 

    • Share this:
    অৰ্জুন বটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জম্মদিনটো শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় "অভিৰুচি ক্ৰীড়া দিৱস" হিচাপে। ১৯৬৬ চন আৰু ১৯৭০ চনৰ এছিয়ান গেমছৰ সোণ আৰু ৰূপৰ পদক বিজয়ী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জম্মদিনটো বিগত ৩৭ বছৰৰ দৰে এইবাৰো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

    ১৯৮৪ চনৰ পৰা এইপৰ্য্যন্ত অভিৰুচি ক্ৰীড়া দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে। যত অনুষ্ঠানৰ কেন্দ্ৰীয় অনুষ্ঠানটো অনুষ্ঠিত হৈ আহিছে গুৱাহাটীত। এইবাৰো ব্যতিক্ৰমী নহয়, কভিড প্ৰটকল অনুয়ায়ী শুকুৰবাৰে অভিৰুচি ক্ৰীড়া দিৱসৰ গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয় চাইকেল ৰেলীৰে। বহু সংখ্যক সফল চাইক্লিষ্ট য়ে অংশ লোৱা সামুহিক ৰেলীৰ ফ্লেগ অফ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। বিশেষ অনুষ্ঠানটোত সো শৰীৰে উপস্থিত আছিল অৰ্জুন ভোগেশ্বৰ বৰুৱা, অলিম্পিয়ান অৰ্জুন জয়ন্ত তালুকদাৰ। ভোগেশ্বৰ বৰুৱাই তেখেতৰ জম্মদিনটো এনেধৰনে ৰাজ্যবাসীয়ে পালন কৰাত অভিভূত হৈ পৰে। ৰাজ্য চৰকাৰে এই বছৰৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জম্মদিনতে চৰকাৰীভাৱে খেলুৱৈক পেন্সন, জলপানী আৰু চাকৰি দিয়াৰ ব্যৱস্থা কৰে।
    Published by:Kokil Sarma
    First published: