মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Clash : কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ!

Assam-Mizoram Border Clash : কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ!

News18 Assam | News18-Assam
Updated:July 27, 2021, 2:25 PM IST
Assam-Mizoram Border Clash : কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ!
অমিত শ্বাহৰ আগমনক লৈ সন্দেহৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ৷ Photo : Yahoo News India

অসমৰ মাটিত মিজোৱে গুলী চলালে, অথচ অসম আৰক্ষীক গুলী চলোৱাৰ নিৰ্দেশ কিয় দিয়া নহ’ল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ৷

  • Share this:
কি উদ্দেশ্যত উত্তৰ-পূবলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ? – অমিত শ্বাহৰ আগমনক লৈ সন্দেহৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ৷ কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উত্তৰ–পূব ভ্ৰমণ সামৰি উভতি যোৱাৰ পিছতে অসম–মিজোৰাম সীমান্তত অঘটন৷ মিজোৰ গুলীত নিহত অসম আৰক্ষী৷ সেয়ে প্ৰদেশ কংগ্ৰেছৰ মন্তব্য – শান্তি নহয়, অশান্তিৰ জুই জ্বলাবলৈ উত্তৰ–পূবলৈ আহিছিল অমিত শ্বাহ৷ এই মন্তব্য কৰে APCC কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে৷

সীমান্তৰ এই ঘটনাৰ পিছতে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ৷ অসমৰ মাটিত মিজোৱে গুলী চলালে, অথচ অসম আৰক্ষীক গুলী চলোৱাৰ নিৰ্দেশ কিয় দিয়া নহ’ল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ৷ ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৃহ বিভাগ চূড়ান্ত ব্যৰ্থ বুলি অভিযোগ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ৷

ৰাজ্যৰ সীমা সংঘাত দূৰ কৰাৰ বাবে অচিৰেই চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী তুলি বুধবাৰে কংগ্ৰেছৰ তৰফৰ এটা প্ৰতিনিধি দল ঘটনাস্থলীত উপস্থিত হোৱাৰ কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছে৷
Published by: Sanjay Kumar Das
First published: July 27, 2021, 2:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি