ভূপেন কুমাৰ বৰাৰ মতে ১৯৮৯ চনৰ অসমৰ পৰিবেশ এতিয়া আকৌ ঘূৰি আহিছে। পূৰ্বৰ দৰে এতিয়াও অসমত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে
ভূপেন কুমাৰ বৰাৰ মতে ১৯৮৯ চনৰ অসমৰ পৰিবেশ এতিয়া আকৌ ঘূৰি আহিছে। পূৰ্বৰ দৰে এতিয়াও অসমত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে
"অসমত এতিয়া দুখন চৰকাৰ চলি আছে, এখন হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ আনখন পৰেশ বৰুৱা (Paresh BAruah)ৰ।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ৰ। মন্ত্ৰী সঞ্জয় কিষাণে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ক্ষমা খোজাৰ পিছত মুখ্যমন্ত্ৰীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই।
ভূপেন কুমাৰ বৰাৰ মতে ১৯৮৯ চনৰ অসমৰ পৰিবেশ এতিয়া আকৌ ঘূৰি আহিছে। তেতিয়া ১৯৮৯ চনত এফালে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ চলিছিল আনফালে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চৰকাৰ চলাৰ বাবেই ৰাজ্যত তেতিয়া ৰাষ্ট্ৰপতি শাসন হৈছিল। সেয়ে অসমতো এতিয়া পূৰ্বৰ দৰে ৰাষ্ট্ৰপতি শাসন হ'ব লাগে বুলি যুক্তি দৰ্শায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।
ইমানতে ক্ষন্ত নাথাকি ভূপেন কুমাৰ বৰাই আৰু কয়, "এতিয়া অসমত দুজন মুখ্যমন্ত্ৰী, এজন হিমন্ত বিশ্ব শৰ্মা আনজন পৰেশ বৰুৱা। সেয়ে এজন মন্ত্ৰীয়ে পুৱা মুখ্যমন্ত্ৰীক চেলুট দিয়ে গধূলি পৰেশ বৰুৱাৰ ভৰিত ধৰে।"
মুখ্যমন্ত্ৰীয়ে মুখলজ্জা ঢাকিবলৈহে মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan)ক শ্বোকজ দিছে বুলি কয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। "আচল কথা অসমৰ নিবনুৱা সকলে হতাশ হৈ মূৰে-কপালে হাত দিছে, সেইটো মন্ত্ৰী সঞ্জয় কিষানে বুজি পাইছে" বুলি চৰকাৰক সমালোচনা কৰে ভূপেন কুমাৰ বৰাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|