• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘শ্বেৰমান আলী আহমেদে আগতেও বহু অক্ষমণীয় ভুল কৰিছিল, কিন্তু দলৰ নেতৃত্ব চকু মুদা কুলি হৈ আছিল, মই চকু মুদা কুলি নহয়’ : ভূপেন বৰা

‘শ্বেৰমান আলী আহমেদে আগতেও বহু অক্ষমণীয় ভুল কৰিছিল, কিন্তু দলৰ নেতৃত্ব চকু মুদা কুলি হৈ আছিল, মই চকু মুদা কুলি নহয়’ : ভূপেন বৰা

শ্বেৰমানক দলৰ পৰা নিলম্বন কৰাৰ পিছত APPCৰ সভাপতি ভূপেন বৰাই শ্বেৰমান আলী আহমেদৰ পূৰ্বৰ ভুলৰ সন্দৰ্ভত মুখ মেলে৷

শ্বেৰমানক দলৰ পৰা নিলম্বন কৰাৰ পিছত APPCৰ সভাপতি ভূপেন বৰাই শ্বেৰমান আলী আহমেদৰ পূৰ্বৰ ভুলৰ সন্দৰ্ভত মুখ মেলে৷

শ্বেৰমানক দলৰ পৰা নিলম্বন কৰাৰ পিছত APPCৰ সভাপতি ভূপেন বৰাই শ্বেৰমান আলী আহমেদৰ পূৰ্বৰ ভুলৰ সন্দৰ্ভত মুখ মেলে৷

  • Share this:
অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক সোমবাৰে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিলে৷ দেওবাৰে কংগ্ৰেছ বিধায়িনী দলে অনুশাসনমূলক ব্যৱস্থা ল'বলৈ APCCৰ সভাপতিলৈ প্ৰস্তাৱ প্ৰেৰণৰ পিছতে সোমবাৰে শ্বেৰমানক নিলম্বন কৰে৷ শ্বেৰমানক দলৰ পৰা নিলম্বন কৰাৰ পিছত APPCৰ সভাপতি ভূপেন বৰাই শ্বেৰমান আলী আহমেদৰ পূৰ্বৰ ভুলৰ সন্দৰ্ভত মুখ মেলে৷

ৰাজীৱ ভৱনত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত APCCৰ সভাপতি ভূপেন বৰাই ক'লে- “শ্বেৰমান আলী আহমেদে আগতেও বহুবাৰ ভুল কৰিছিল৷ দলৰ নেতৃত্বই চকু মুদা কুলি হৈ আছিল৷ মই চকু মুদা কুলি নহয়৷ আগতে যদি দলৰ নেতৃত্বই শ্বেৰমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেন্তে আজিৰ এই পৰিৱেশ নহ'লহেঁতেন৷ এবাৰ ভুল কৰিলে ভুল, দুবাৰ ভুল কৰিলে ভুল, তৃতীয়বাৰ ভুল কৰিলে মূৰ্খামি কৰা হয়৷”

শ্বেৰমান আলী আহমেদে কৰা ভুলৰ কথা উনুকিয়াই ভূপেন বৰাই পুনৰ ক'লে- “শ্বেৰমানে আগতেও বহু ভুল কৰিছিল৷ বহু অক্ষমণীয় ভুল কৰিছিল৷ কিন্তু তেতিয়া দলৰ নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷”
Published by:Sanjay Kumar Das
First published: