• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰী আৰু সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক অসম আৰক্ষীয়ে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী

মুখ্যমন্ত্ৰী আৰু সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক অসম আৰক্ষীয়ে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী

BJPৰ সাংসদ দিলীপ শইকীয়াই (গৰুখুঁটিত) ৬০০ মানুহ মাৰিব লাগিছিল বুলি কৈছিল ৷ মুখ্যমন্ত্ৰীয়ে বিধানসভাত জয় বাংলা বুলি কৈছিল ৷ BJPয়ে আৰু অসম আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই ৷ এই হুংকাৰ ভূপেন বৰাৰ

  • Share this:
ছহীদক অপমান কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শ্বেৰমান আলী আহমেদ Sherman Ali Ahmed)ক দলৰ পৰা নিলম্বন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (bhupen Borah)ই বহু কথাই কৈ দিলে ৷

ছহীদক কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহয় বুলি মন্তব্য কৰি ভূপেন বৰাই কয়, “অসম আন্দোলনৰ ছহীদক অপমান কৰিলে কোনে সহ্য কৰিব? অসম আন্দোলনৰ স্বাক্ষৰকাৰী আমাৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ৷ অসম আন্দোলনৰ ছহীদৰ সাঙী ময়ো কান্ধত লৈছিলোঁ ৷ অসম আন্দোলনৰ ছহীদক অপমান কৰিলে মোৰ বুকু জ্বলি উঠে ৷”

ইপিনে BJP আৰু অসম আৰক্ষীকো প্ৰত্যাহ্বান জনাই ভূপেন বৰাই ৷ বৰাই ক'লে- “শ্বেৰমান আলী বৰ্তমান আৰক্ষীৰ জিন্মাত ৷ তেওঁক নিলম্বন কৰা হৈছে ৷ মুকলি আকাশৰ তললৈ আহিলে তেওঁ আমাৰ কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিলে আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম ৷ BJPৰ সাংসদ দিলীপ শইকীয়া (BJP MP Dilip Saikia)ই ৬০০ মানুহ মাৰিব লাগিছিল বুলি কৈছিল ৷ মুখ্যমন্ত্ৰীয়ে বিধানসভাত জয় বাংলা বুলি কৈছিল ৷ BJPয়ে আৰু অসম আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই ৷ আইন সকলোৰে ক্ষেত্ৰত সমান হ'ব লাগে ৷ DGP মহন্তই গোচৰ ৰুজু কৰক ৷”

উল্লেখ্য যে ছিপাঝাৰৰ গৰুখুঁটিৰ ঘটনাক লৈ অসম আন্দোলনৰ ছহীদক ঘাতক আখ্যা দিছিল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে।
Published by:Manjumoni Borah
First published: