মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Angoorlata Deka : আকৌ বিগ স্ক্ৰীণত দেখিব পাৰে আঙুৰলতা ডেকাক! প্ৰধানমন্ত্ৰীক জনালে জন্মদিনৰ শুভেচ্ছা। 

Angoorlata Deka : আকৌ বিগ স্ক্ৰীণত দেখিব পাৰে আঙুৰলতা ডেকাক! প্ৰধানমন্ত্ৰীক জনালে জন্মদিনৰ শুভেচ্ছা। 

News18 Assam | News18-Assam
Updated:September 17, 2021, 5:27 PM IST
Angoorlata Deka : আকৌ বিগ স্ক্ৰীণত দেখিব পাৰে আঙুৰলতা ডেকাক! প্ৰধানমন্ত্ৰীক জনালে জন্মদিনৰ শুভেচ্ছা। 
Angoorlata Deka : তেজত শিপাই থকা অভিনয়ক আকৌ আগুৱাই নিব খোজে আঙুৰলতা ডেকাই ৷ আঙুৰলতা ডেকাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিশ্বকৰ্মা পূজাত ভাগ লৈ ক'লে নিজৰ মনৰ বহু কথা।

Angoorlata Deka : তেজত শিপাই থকা অভিনয়ক আকৌ আগুৱাই নিব খোজে আঙুৰলতা ডেকাই ৷ আঙুৰলতা ডেকাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিশ্বকৰ্মা পূজাত ভাগ লৈ ক'লে নিজৰ মনৰ বহু কথা।

  • News18 Assam
  • Last Updated: September 17, 2021, 5:27 PM IST
  • Share this:
বিগ স্ক্ৰীণত পুনৰ দেখিব পাৰে আঙুৰলতা ডেকাক ৷ আঙুৰলতা ডেকা (Angoorlata Deka)ৰ মন পুনৰ অভিনয় জগতলৈ অহাৰ ৷ বিজেপিৰ গুৰু দায়িত্বৰ সমান্তৰালকৈ অভিনয় কৰাৰো মন আঙুৰলতাৰ ৷ অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা এতিয়া বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী ৷

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে গুৰু দায়িত্ব পালন কৰিও আঙুৰলতা ডেকাৰ হেঁপাহ অভিনয় কৰিবলৈহে ৷ "অভিনেত্ৰী হিচাপেই পৰিচয় দি মোৰ ভাল লাগে ৷ সকলোৱে মোক তেনেকৈয়ে জানিছিল ৷ সেই চিনাকীৰে নিজক পৰিচয় দি মই বেছি সুখী হওঁ ৷ কিন্তু বিজেপি দলে মোক যি বিশ্বাসেৰে মহিলা মৰ্চাৰ দৰে এক গুৰুত্বপূৰ্ণ মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিছে সেয়া মই সুকলমে আৰু অন্তৰাত্মাৰে কৰি যাম ৷ মই চিনেমাও কৰিম ৷ সেয়া মোৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে ৷ তেজত শিপাই থকা অভিনয়ক মই কিদৰে এৰিম ?" এয়া আছিল আঙুৰলতা ডেকাৰ মন্তব্য।

শুকুৰবাৰে বিশ্বকৰ্মা পূজা উপলক্ষে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত থাকি পূজা অৰ্চনা কৰি বিজেপি কাৰ্যালয়ৰ চালক, ৰান্ধনী সকলোকে উৎসাহ যোগালে আঙুৰলতাই  ৷ সোৱাদ ল'লে খিচিৰিৰো ৷ "দুবাৰ খালোঁ, আৰু খাম ৷ বিজেপি কাৰ্যালয়ৰ খিচিৰিৰ সোঁৱাদেই বেলেগ ৷ ধ্ৰুৱ দা, মুকুল দা, বিচিত্ৰহঁতৰ আগ্ৰহ দেখিয়েই ভাল লাগে ৷ মোৰ ঘৰতো ভাইটী এজনে খুব ধুনীয়া খিচিৰি ৰান্ধে ৷ দুবাৰ হ'ল খোৱা ৷ আকৌ গোৱালপাৰাতো খাম চাগৈ ৷" আঙুৰলতাই ক'লে।

ইফালে ৰাজ্যত চলি থকা হাফ পেণ্ট বিতৰ্ক, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে বিজেপিৰ বিৰুদ্ধে অনা অভিযোগৰো প্ৰত্যুত্তৰ দি আঙুৰলতা ডেকাই কয়  "মীৰা বাইদেউক মই শ্ৰদ্ধা কৰোঁ ৷ প্ৰায়েই কথা হয় ফোনত ৷ তেওঁলোকে কৰা সমালোচনাক আমি যোগাত্মক দৃষ্টিৰে ল'ম ৷ তেওঁলোকৰ দিহা পৰামৰ্শৰে মহিলা মৰ্চাক আগুৱাই নিব পৰাতোও মোৰ কাম হ'ব ৷ হাফপেণ্টক লৈ হোৱা বিতৰ্ক সাময়িক ৷ ছোৱালীজনীক নিৰ্যাতন চলাই থকা ভাল হোৱা নাই ৷ কি পৰিস্থিতিত বা কি হৈছিল কোনে জানে!"

বিজেপিয়ে ২০ দিনীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন কিয় পাতিছে তাৰ লক্ষ্য উদ্দেশ্যও ব্যাখ্যা কৰিলে আঙুৰলতা ডেকাই ৷ সঁচাকৈয়ে আঙুৰলতা আহিব নেকি চলচিত্ৰ জগতলৈ? চলচিত্ৰ জগতৰ সৈতে পুনৰ নিজকে উজাৰি দিয়া সহজ হ'বনে আঙুৰলতা ডেকাৰ বাবে ৷ এয়া সময়েহে ক'ব ৷
Published by: Manjumoni Borah
First published: September 17, 2021, 5:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি