শেহতীয়াকৈ কোৰোণাৰ প্ৰকোপ কম যদিও মন্দিৰ কৰ্তৃপক্ষই মহা অম্বুবাচী মহোৎসৱ কোভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে।
শেহতীয়াকৈ কোৰোণাৰ প্ৰকোপ কম যদিও মন্দিৰ কৰ্তৃপক্ষই মহা অম্বুবাচী মহোৎসৱ কোভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে।
অহা ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম। ২২ জুনৰ সন্ধিয়া ৮ বাজি ১৮ মিনিটৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৩, ২৪ আৰু ২৫ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।
উল্লেখ্য যে, কোৰোণা মহামাৰীৰ বাবে বিগত দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল মহা অম্বুবাচী মহোৎসৱ। এই সময়ছোৱাত কেৱল মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অম্বুবাচীৰ ধৰ্মীয় পূজা-পাতলসমূহ অনুষ্ঠিত হৈছিল।
শেহতীয়াকৈ কোৰোণাৰ প্ৰকোপ কম যদিও মন্দিৰ কৰ্তৃপক্ষই মহা অম্বুবাচী মহোৎসৱ কোভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে।
এই সংক্ৰান্তত ১৮ জুনত মন্দিৰ কৰ্তৃপক্ষই ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰোপৰি ১৯ জুনত জিলা উপায়ুক্তৰ সৈতেও আন এক বৈঠকত মিলিত হয়।
বৈঠককেইখনত অম্বুবাচীত যাতে কোৰোণা সংক্ৰমণ নহয় তাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|