উল্লেখ যে অলা-উবেৰৰ সৈতে গুৱাহাটী মহানগৰীত প্ৰায় ৮-৯ হাজাৰ গাড়ী চলাচল কৰিছিল। শেহতীয়াভাৱে প্ৰায় ৭৮০০ গাড়ী অন্তৰ্ভুক্ত হৈছে পে-ইণ্ডিয়াৰ সৈতে।
ইফালে পে-ইণ্ডিয়া প্ৰতিষ্ঠানৰ সৈতে সংগঠন দুটাই ১৪দফীয়া চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে।
গুৰুত্বপূৰ্ণ কথা যে অ'লা-উবেৰতকৈ ১৫-২০ টকা কম হ'ব পে-ইণ্ডিয়াৰ ভাড়া।
আনহাতে, সংগঠন দুটাই স্পষ্ট কৰি কয়- অ'লা-উবেৰ সেৱা বন্ধ নহয়, আমি বিসৰ্জন দিবলৈহে ঐক্যবদ্ধ হৈছো। তৃতীয় শক্তিয়ে যাতে বাহন বন্ধ কৰা বুলি প্ৰচাৰ নচলায়।
সংবাদমেলত উপস্থিত থাকে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰ আৰু সদৌ অসম কেব মজদুৰ সংঘ সভাপতি ৰূপাংকৰ তালুদাৰ।