নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি টকা বিচৰা বুলি অভিযোগ উত্থাপন কৰিছিল আমিনুল ইছলামে।
নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি টকা বিচৰা বুলি অভিযোগ উত্থাপন কৰিছিল আমিনুল ইছলামে।
এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অখিল গগৈয়ে।
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘দীৰ্ঘদিনৰ পিছত জে’লৰ পৰা ওলাইছো, পুনৰ আইনী মেৰপেঁচত সোমাব বিচৰা নাছিলো। আমিনুল ইছলামে মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে। ৰাইজৰ দলৰ ক'ৰ কমিটীৰ বৈঠক, অধিবক্তাৰ লগত কথা পাতি সিদ্ধান্ত লৈছো আদালতৰ দ্বাৰস্থ হ'ম। অতপালিয়ে সীমা অতিক্ৰম কৰাৰ কাৰণে এতিয়া বাধ্য হৈছো।
আমিনুল ইছলামৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হ'ব, জাননী জাৰি কৰা হ'ব।’’
উল্লেখযোগ্য নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি টকা বিচৰা বুলি অভিযোগ উত্থাপন কৰিছিল আমিনুল ইছলামে। মহাজোঁটৰ পৰা এই ধন আশা কৰিছিল বুলি কৈছিল এ আই ইউ ডি এফৰ বিধায়কগৰাকীে। দল গঠনৰ বাবে ১০ কোটি টকা বিচাৰিছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল আমিনুল ইছলামে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|