NIAৰ আদালতে অখিলক অন্তিমটো গোচৰত দোষমুক্ত কৰাৰ পিছতে কাৰাগাৰৰ পৰা ওলাল কৃষক নেতা অখিল গগৈ। প্ৰায় ৫৭০ দিনৰ বন্দী জীৱনৰ অন্ত পৰিল অখিল গগৈৰ।
NIAৰ আদালতে অখিলক অন্তিমটো গোচৰত দোষমুক্ত কৰাৰ পিছতে কাৰাগাৰৰ পৰা ওলাল কৃষক নেতা অখিল গগৈ। প্ৰায় ৫৭০ দিনৰ বন্দী জীৱনৰ অন্ত পৰিল অখিল গগৈৰ।
অৱশেষত কাৰাগাৰৰ পৰা মুক্ত হ'ল কা (CAA) আন্দোলনৰ নেতা অখিল গগৈ। ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। আজি NIAৰ আদালতে অখিলক অন্তিমটো গোচৰত দোষমুক্ত কৰাৰ পিছতে কাৰাগাৰৰ পৰা ওলাল কৃষক নেতা অখিল গগৈ। প্ৰায় ৫৭০ দিনৰ বন্দী জীৱনৰ অন্ত পৰিল অখিল গগৈৰ।
কাৰাগাৰৰ পৰা ওলাই মুকলি আকাশৰ তললৈ অহাৰ পিছতে 'কা' আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ। 'কা' আন্দোলনৰ আটাইকেইজন শ্বহীদৰ ঘৰলৈকে যাব অখিল গগৈ। তাৰ পিছতে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় আৰু কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কথা। ইফালে সকলো ঠিকে থাকিলে কাইলৈ নিজ সমষ্টি শিৱসাগৰলৈ যাব বিধায়কগৰাকী।
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)ই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো প্ৰমাণ। উল্লেখ্য যে এই সময়ছোৱাত অখিল গগৈৰ বিৰুদ্ধে ১২টাৰ অধিক বিভিন্ন গোচৰ জাপি দিয়া হৈছিল। তাৰ মাজতে কাৰাগাৰৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিল গগৈ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|