অসমৰ সাংবিধানিক সীমা অটুট ৰখাটো চৰকাৰৰ জাতীয় কৰ্তব্য আৰু তাকে নকৰি আপোচ কৰি সীমা অন্য ৰাজ্যক গটালে সেইয়া মানি লোৱা নহ’ব: গগৈ
অসম-মেঘালয়ৰ সীমা বিবাদ (Assam Meghalaya Border Dispute) সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই আহ্বান জনোৱা আজিৰ ১১ বজাৰ সৰ্ব দলীয় বৈঠকৰ নিমন্ত্ৰণ পত্ৰ ৩ব জাত পোৱাৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ নিৰ্দলীয় বিধায়ক অখিল গগৈ (Akhil Gogoi) । সংবাদ মাধ্যমলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই অভিযোগ কৰে অখিল গগৈয়ে । অৱশ্যে তেওঁ Covid-19ত আক্রান্ত হৈ থকাৰ কাৰণে উচিত সময়ত পত্ৰখন প্ৰেৰণ কৰা হ'লেও উপস্থিত থাকিব নোৱাৰিলে হয় বুলি উল্লেখ কৰে। কিন্তু তেনেস্থলত ৰাইজৰ দলৰ প্ৰতিনিধি যোৱাৰ অৱকাশ আছিল বুলি কয় গগৈয়ে ।
উল্লেখযোগ্য যে গগৈ Covid-19ত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
গগৈয়ে একেখন পত্ৰৰ যোগেদি সামগ্ৰিকভাৱে অসমৰ ৰাইজৰ মতামত নোলোৱাকৈ খৰধৰকৈ যিকোনো সিদ্ধান্ত নল’বলৈ সকীয়াই দিয়ে । মুখ্যমন্ত্ৰীক অসমৰ ভূমি চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিবলৈও পৰামৰ্শ দিয়ে গগৈয়ে । অসমৰ সাংবিধানিক সীমা অটুট ৰখাটো চৰকাৰৰ জাতীয় কৰ্তব্য আৰু তাকে নকৰি আপোচ কৰি সীমা অন্য ৰাজ্যক গটালে সেইয়া মানি লোৱা নহ’ব বুলি পত্ৰখনত উল্লেখ কৰে গগৈয়ে । সীমান্ত অঞ্চলত বাস কৰা লোকক মাটিৰ পট্টা দিবলৈও দাবী জনায় গগৈয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|