মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সদনত মই টোপনি যোৱা নাই, চকু মুদি মুখ্যমন্ত্ৰীৰ ভাষণৰ প্ৰতিবাদ কৰিছো ! মই জীয়াই থকালৈ গো সুৰক্ষা বিলৰ সমৰ্থন কৰিব নোৱাৰো: অখিল গগৈৰ প্ৰতিক্ৰিয়া

সদনত মই টোপনি যোৱা নাই, চকু মুদি মুখ্যমন্ত্ৰীৰ ভাষণৰ প্ৰতিবাদ কৰিছো ! মই জীয়াই থকালৈ গো সুৰক্ষা বিলৰ সমৰ্থন কৰিব নোৱাৰো: অখিল গগৈৰ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:August 13, 2021, 6:58 PM IST
সদনত মই টোপনি যোৱা নাই, চকু মুদি মুখ্যমন্ত্ৰীৰ ভাষণৰ প্ৰতিবাদ কৰিছো ! মই জীয়াই থকালৈ গো সুৰক্ষা বিলৰ সমৰ্থন কৰিব নোৱাৰো: অখিল গগৈৰ প্ৰতিক্ৰিয়া
অখিলৰ(Akhil Gogoi) দাবী গো সুৰক্ষা বিধেয়ক আইনত পৰিণত কৰিব বিচৰা মুখ্যমন্ত্ৰী(CM)ৰ ভাষণ মই সদনত নুশুনো ৷ নুশুনো বাবে চকু মুদি আছিলো ৷ পিছে মই টোপনি যোৱা নাই সদনৰ মজিয়াত ৷ 

অখিলৰ(Akhil Gogoi) দাবী গো সুৰক্ষা বিধেয়ক আইনত পৰিণত কৰিব বিচৰা মুখ্যমন্ত্ৰী(CM)ৰ ভাষণ মই সদনত নুশুনো ৷ নুশুনো বাবে চকু মুদি আছিলো ৷ পিছে মই টোপনি যোৱা নাই সদনৰ মজিয়াত ৷ 

  • Share this:
অসম বিধান সভাৰ বাবে শুকুৰবাৰৰ দিনটো গুৰুত্বপূৰ্ণ দিন ৷ কিয়নো শুকুৰবাৰৰ দিনটো বিধান সভাৰ মজিয়াত উত্থাপন হ'ল পশুধন সুৰক্ষা বিধেয়ক ৷ বিধেয়ক খনক কৈ শাসক বিৰোধীৰ ৭৬ টা সংশোধনী প্ৰস্তাৱ ৷ সংশোধনী প্ৰস্তাৱ বিচৰা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi) ৷ গগৈৰ দাবী এই বিধেয়কৰ সংশোধন নহয় বিধেয়কখন বাতিল কৰিব লাগে ৷ সদনৰ মজিয়াত অখিলৰ দাবী পশুধন সুৰক্ষা বিধেয়ক চিলেক্ট কমিটিলৈ পঠাওক ৷ এই বিধেয়কৰ জড়িয়তে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসমৰ সাধাৰণ লোক, অখিল গগৈয়ে কয়।

অখিল গগৈয়ে আৰু কয় যে মুছলমান কৃষকে গৰুৰে হাল নাবায় ৷ বিপৰীতে অসমীয়া জনজাতীয় লোকে গৰুৰে হাল বায় খেতি কৰে ৷ ২০ ৰ পৰা ৩০ হাজাৰ কোটি বছৰি আয় সংগ্ৰহ কৰে অসমৰ গো পালকে ৷ তেনে এটা ব্যৱসায় বন্ধ কৰাৰ পৰিকল্পনা চৰকাৰৰ ৷ অখিলৰ দাবী এনে বিধেয়ক আইনত পৰিণত কৰিব বিচৰা মুখ্যমন্ত্ৰী(CM)ৰ ভাষণ মই সদনত নুশুনো ৷ নুশুনো বাবে চকু মুদি আছিলো ৷ পিছে মই টোপনি যোৱা নাই সদনৰ মজিয়াত ৷ মাথোন মুখ্যমন্ত্ৰীৰ ভাষণৰ প্ৰতিবাদ কৰি চকু মুদি আছিলো ৷ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান ভাগ ভাগ সন্দৰ্ভত কথা ক'ব ৷ আমি শুনিম, এয়া নহ'ব, সদন ত্যাগ কৰি মন্তব্য অখিল গগৈৰ ৷ গগৈৰ দাবী অসমৰ ইতিহাসৰ বাবে আজি এটা কলা দিন ৷ সদনত পশুধন সুৰক্ষা বিধেয়কৰ বিৰোধিতা কৰিবলৈ দিয়া নহ'ল ৷ মই জীয়াই থকালৈ এনে বিল সমৰ্থন কৰিব নোৱাৰো বুলি কৈ সদনৰ পৰা আতৰি গ'ল অখিল গগৈ ৷
Published by: Kokil Sarma
First published: August 13, 2021, 6:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি