মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নাগপুৰৰ গুডবুকত স্থান ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পশুধন সুৰক্ষা বিধেয়ক – মন্তব্য অখিল গগৈৰ

নাগপুৰৰ গুডবুকত স্থান ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পশুধন সুৰক্ষা বিধেয়ক – মন্তব্য অখিল গগৈৰ

News18 Assam | News18-Assam
Updated:August 12, 2021, 11:52 AM IST
নাগপুৰৰ গুডবুকত স্থান ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পশুধন সুৰক্ষা বিধেয়ক – মন্তব্য অখিল গগৈৰ
শিৱসাগৰৰ বিধায়কগৰাকীৰ মন্তব্য, ‘‘এই বিধেয়কে ৰাজ্যত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব৷ অসমত চিৰস্থায়ী ভুল বুজা বুজিৰ সৃষ্টি কৰিব৷’’

শিৱসাগৰৰ বিধায়কগৰাকীৰ মন্তব্য, ‘‘এই বিধেয়কে ৰাজ্যত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব৷ অসমত চিৰস্থায়ী ভুল বুজা বুজিৰ সৃষ্টি কৰিব৷’’

  • Share this:
অসম বিধানসভা মজিয়াত দাখিল কৰা অসম পশুধন সুৰক্ষা বিধেযক ২১ শুকুৰবাৰে গৃহীত হ’ব সদনৰ মজিয়াত৷ বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ৷ অখিল গগৈৰ দাবী, এই বিধেয়ক প্ৰতিশোধ আৰু অন্যায়ৰ বিধেয়ক ৷ কিয়নো এই বিধেয়কৰ জৰিয়তে দুই ধৰ্মৰ লোকৰ পক্ষে প্ৰতিশোধ লোৱা হ’ব৷

উল্লেখযোগ্য যে এই বিধেয়কত পশুধন খোৱাত কোনো নিষেধ নাই কিন্তু গৰু বিক্ৰীৰ বাবে ১৪ বছৰ বয়স হ’ব লাগিব৷ তেতিয়াহে খাদ্যৰ বাবে উপযোগী ঘোষণা৷ একেদৰে দুৰ্ঘটনাগ্ৰস্ত গৰু খাদ্য ৰূপে ব্যৱহাৰ কৰাৰ উপযোগী বুলি নিৰ্ধাৰণ৷ বিধেয়কত উল্লেখ থকা অনুসৰি, ধৰ্মীয় অনুষ্ঠান থকা ৫ বৰ্গ কিলোমিটাৰ এলেকাত থাকিব নোৱাৰিব কোনো কচাইখানা৷ কিন্তু ৫ বৰ্গ কিলোমিটাৰ এনেকুৱা স্থান নাথাকিব য’ত নাই কোনো ধৰ্মীয় স্থান৷ অখিল গগৈৰ দাবী।

নাগপুৰৰ গুডবুকত স্থান ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বিধেয়ক আনিছে বুলি মন্তব্য অখিল গগৈৰ ৷ শিৱসাগৰৰ বিধায়কগৰাকীৰ মন্তব্য, ‘‘এই বিধেয়কে ৰাজ্যত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব৷ অসমত চিৰস্থায়ী ভুল বুজা বুজিৰ সৃষ্টি কৰিব৷ লগতে লক্ষ লক্ষ অসমৰ লোকৰ মাজত ধৰ্মীয় মেৰুকৰণ সৃষ্টি হ’ব৷ এনে বিধেয়ক কেতিয়াও গ্ৰহণযোগ্য নহয়৷’’ একেদৰে এই বিধেয়কৰ জৰিয়তে ধ্বংস কৰিব গ্ৰাম্য অৰ্থনীতি৷ বিধেয়কে অসমৰ গ্ৰাম্য অৰ্থনীতি চুৰমাৰ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ।
Published by: Sanjay Kumar Das
First published: August 12, 2021, 11:52 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি