Akhil Gogoi Vs Kamal Kumar Medhi: অখিলৰ মুক্তিলাভৰ বাবে গঠন হৈছিল ৰাইজৰ দল, জনতাৰ বাবে নহয় !
Akhil Gogoi Vs Kamal Kumar Medhi: অখিলৰ মুক্তিলাভৰ বাবে গঠন হৈছিল ৰাইজৰ দল, জনতাৰ বাবে নহয় !
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পৌৰসভাৰ নিৰ্বাচন (Assam Municipal Election 2022)ত বিজেপি (BJP)ৰ পৰা টকা লোৱাৰ অভিযোগ ৰাইজৰ দল (Raijor Dal)ৰ সভাপতি অখিল গগৈ (Akhil Gogoi)ৰ বিৰুদ্ধে ৷ শিৱসাগৰৰ বিধায়কজনে নিৰ্বাচনৰ বাবে শাসক পক্ষৰ পৰা ধন লোৱা বিষয়টো আলোচনা হৈছিল দলৰ মজিয়াত ৷ কিন্তু দলীয় কৰ্মীৰ অভিযোগক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অখিলৰ বিৰুদ্ধে ৷ শাসক দলৰ পৰা ধন লোৱা ব্যক্তি জন অইন কোনো নহয়, বিজেপি বিধায়ক মানব ডেকা (BJP MLA Manab Deka) ৷ যোৰহাট জিলাৰ এগৰাকী সতীৰ্থই লৈ আহিছিল সেই টকা। অখিল গগৈৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ পদত্যাগী নেতা কমল কুমাৰ মেধি (Kamal Kumar Medhi)ৰ।
ৰাইজৰ দলে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন (GMC Election)ত কিয় প্ৰাৰ্থীত্ব নিদিলে তাকে লৈও প্ৰশ্ন উত্থাপন কৰে কমল কুমাৰ মেধিয়ে। কমল মেধিয়ে কয়, "প্ৰাৰ্থীত্ব নিদিয়াটোয়ে প্ৰকৃততে কি বুজায়? নিশ্চয় এয়া দলৰ ব্যৰ্থতা ৷ ৰাইজৰ দল আৰু জাতীয় পৰিষদ বিজেপিয়ে খোলা বুলি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আহিছে ৷ নাজানো এয়া কিমান দূৰ সচা! কিন্তু এটা কথা, অখিল গগৈয়ে NIAৰ গোচৰৰ পৰা মুক্তি পাবলৈ যে নিৰ্বাচনত উঠিছিল সেয়া সত্য ৷"
কমল কুমাৰ মেধিয়ে এক সংবাদমেলত কয় যে ৰাইজৰ দলৰ বিষয়ববীয়া সভাত আমি বিজেপিৰ এজেণ্ট হৈ কাম কৰিছোঁ নেকি বুলি কৰা প্ৰশ্নক লৈ দলৰ মজিয়াত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিবেশ ৷ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজনীতিলৈ আহি ভুল কৰিলোঁ শেহতীয়াকৈ কৰা মন্তব্যই স্বাভাৱিকতে দলৰ মাজত নেতিবাচক প্ৰভাব পেলাইছে বুলি অভিযোগ কৰে কমল কুমাৰ মেধিয়ে ৷ দলৰ নেতাই এনে ভাষ্য দিলে কৰ্মীসকলে কি কৰিব, এনে দললৈ কোনো আহিব অন্তৰ্ভুক্ত হবলৈ বুলি প্ৰশ্ন কৰে কমল মেধিয়ে।
তেওঁ আকৌ কয় যে অখিল গগৈ জে'লত থাকোতে আমি আশা কৰিছিলো ৰাইজৰ দলক তেও সমুখৰ পৰা নেতৃত্ব দিব। কিন্তু জে'লৰ পৰা ওলাই অহাৰ ১০ মাহ পিছতো তেওঁ দলটো আগুৱাই নিব পৰা নাই ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|