Akhil Gogoi Vs Kamal Kumar Medhi: সময়ে সময়ে বিধায়ক পদ এৰি ৰাজপথৰ আন্দোলনত জপিয়াম বুলি কয় অখিলে ! ই কি বুজাইছে বুলি প্ৰশ্ন কমল কুমাৰ মেধিৰ!
Akhil Gogoi Vs Kamal Kumar Medhi: সময়ে সময়ে বিধায়ক পদ এৰি ৰাজপথৰ আন্দোলনত জপিয়াম বুলি কয় অখিলে ! ই কি বুজাইছে বুলি প্ৰশ্ন কমল কুমাৰ মেধিৰ!
ৰাইজৰ দল (Raijor Dal)ৰ পৰা পদত্যাগ কৰি কমল কুমাৰ মেধি (Kamal Kumar Medhi)য়ে ইটোৰ পিছত সিটো বিস্ফোৰণেৰে থকাসৰকা কৰিলে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ (Akhil Gogoi)ক। আজি এক সংবাদমেলত কমল কুমাৰ মেধিয়ে অভিযোগ কৰে যে অখিল গগৈয়ে NIAৰ গোচৰৰ পৰা মুক্তি পাবলৈহে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
কমল মেধিয়ে কয়, "ৰাইজৰ দল আৰু জাতীয় পৰিষদ বিজেপিয়ে খোলা বুলি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি আহিছে ৷ নাজানো এয়া কিমান দূৰ সচা! কিন্তু এটা কথা, অখিল গগৈয়ে NIAৰ গোচৰৰ পৰা মুক্তি পাবলৈ যে নিৰ্বাচনত উঠিছিল সেয়া সত্য ৷"
ইমানেই নহয় অখিল গগৈয়ে জেলৰ পৰা ওলাবলৈ জনমত গঠনৰ বাবেহে ৰাইজৰ দল খুলুছিিল বুলি কমল কুমাৰ মেধিয়ে অভিযোগ কৰে। কমল মেধিৰ অভিযোগ, "ঘটনাক্ৰমেহে ৰাইজৰ দলটো গঠন হৈছিল ৷ হয়তো অখিলে জে'লৰ পৰা ওলাবৰ বাবেহে দলটো খুলিছিল! তাৰ বাহিৰে একো নহয়৷" উল্লেখ্য যেকমল কুমৰ মেধিৰ লগতে আন কেইজনমানেও ৰাইজৰ দলৰ পৰা পদত্যাগ কৰা বুলি দাবী কৰে মেধিয়ে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|