বাকী ছিণ্ডিকেটবোৰ তল পেলাবলৈ ড্ৰাগছ, গৰুৰ ছিণ্ডিকেট পোহৰলৈ আনিছে বুলি গুৰুতৰ অভিযোগ অখিল গগৈৰ।
বাকী ছিণ্ডিকেটবোৰ তল পেলাবলৈ ড্ৰাগছ, গৰুৰ ছিণ্ডিকেট পোহৰলৈ আনিছে বুলি গুৰুতৰ অভিযোগ অখিল গগৈৰ।
ৰাজ্যত সংঘটিত ধাৰাবাহিক এনকাউণ্টাৰ (Encounter) আৰু ড্ৰাগছ বিৰোধী অভিযান (Operation Against Drugs)ক লৈ সৰৱ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। আজি বিধানসভাৰ অধিবেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত কেইবাটাও অভিযোগ কৰে বিধায়ক অখিলে।
অখিলে কয়, "ড্ৰাগছৰ সৰু সৰু ব্যৱসায়ীক ধৰিয়ে সামৰিব নেকি তদন্ত। আৰক্ষীৰ সৈতে ব্যৱসায়ীৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত কিয় হোৱা নাই আৰু এতিয়ালৈ টাস্ক ফোৰ্চ গঠন নহ'ল কিয় বুলি প্ৰশ্ন অখিলৰ।" অখিলৰ অভিযোগ, "ৰাইজৰ চকুত ধুলি দিবলৈ এয়া এক নাটকহে।" ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানক "ৰাজনৈতিক হাথিয়াৰ" আখ্যা দি ইয়াক চৰকাৰৰ নাটক বুলি কয় অখিলে।
আনহাতে ৰাজ্যত এনকাউণ্টাৰ সন্দৰ্ভত অখিল গগৈয়ে কয়, "ৰাজ্যত পুলিচ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে চৰকাৰে। ৰাজ্যিক মানৱাধিকাৰ আয়োগে যদি এনকাউণ্টাৰৰ তদন্তৰ দায়িত্ব লৈছে তেন্তে তদন্ত ভালকৈ কৰিবলৈ আহ্বান অখিলৰ। বহুসময়ত আয়োগে চৰকাৰৰ লগত মিলি কাম কৰে বুলি অভিযোগ কৰি আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী অখিলৰ।
ইপিনে বিধানসভাত তেওঁক বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিব দিয়া হোৱা নাই বুলি অভিযোগ অখিল গগৈৰ। অখিলৰ অভিযোগ, "মোৰ আটাইকেইটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন প্ৰত্যাহাৰ কৰিছে। 'কা' (CAA)আন্দোলন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰশ্নটো খাৰিজ কৰা হৈছে। মই 'ফেচ টু ফেচ' (Face to Face) মুখ্যমন্ত্ৰীক প্ৰশ্ন-উত্তৰ দিবলৈ পাম বুলি ভাবিছিলোঁ। ৰাজ্যত কিমান অবৈধ ছিণ্ডিকেট (Syndicate) চলি আছে সুধিছিলোঁ, উত্তৰত নাই বুলি কৈছে। চুপাৰিৰ লগতে সোণ (Gold), অস্ত্ৰ (Arms) সৰবৰাহ হয়, তথ্যসহ কোন কোন জড়িত তাৰ নাম জনাইছিলোঁ। বাকী ছিণ্ডিকেটবোৰ তল পেলাবলৈ ড্ৰাগছ, গৰুৰ ছিণ্ডিকেট (Cow Syndicate) পোহৰলৈ আনিছে বুলি গুৰুতৰ অভিযোগ। কেৱল সৰু সৰু ড্ৰাগছ পেডলাৰকহে ধৰা হৈছে, মাফিয়া ধৰা নাই বুলিও অভিযোগ কৰে অখিল গগৈয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|